বিবাহ বাৰ্ষিকী পালন কৰি ঘৰলৈ উভতোতেই অমানিশা নামিল এটা পৰিয়াললৈ

বিবাহ বাৰ্ষিকী পালন কৰি ঘৰলৈ উভতোতেই অমানিশা নামিল এটা পৰিয়াললৈ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বুধবাৰে প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনটোতেই ওদালগুৰিৰ ডালিম মেধীৰ পত্নী তথা শিক্ষয়িত্ৰী উষাৰানী দাস দৰঙৰ বেছিমাৰীত এক পথ দুৰ্ঘটনাত নিহত হয়। ইয়াৰ পিছত বৃহস্পতিবাৰে শিক্ষয়ত্ৰীগৰাকীৰ নশ্বৰ দেহ ওদালগুৰিস্থিত ঘৰ আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। উল্লেখ্য যে, শিক্ষয়িত্ৰী উষাৰানী দাস দৰং জিলাৰ দলগাঁৱৰ নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।

প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনটোত বুধবাৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক আনন্দত চাহ-মিঠাই খুৱাই আবেলি স্বামী ডালিম মেধিৰ সৈতে নিজৰ স্কুটিৰে ওদালগুৰিৰ নিজ ঘৰ অভিমুখে ৰাওনা হয়। দুয়োৱে আহি থকা অৱস্থাত আবেলি প্ৰায় ৪-০০ মান বজাত দৰঙৰ বেছিমাৰীৰ ওচৰত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় উষাৰানী দাস। লগতে আহত হয় স্বামী ডালিম মেধী।

দুৰ্ঘটনাৰ পিছত দুয়োজনকে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়। নিশা নিহত শিক্ষয়ত্ৰী গৰাকীৰ মৃতদেহ চিকিৎসালয়খনতে ৰখা হয়। পিছত বৃহস্পতিবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত উষাৰানী দাসৰ নশ্বৰ দেহ আবেলি ওদালগুৰি আহি পোৱাৰ পিছত পৰিয়ালত কান্দোনৰ ৰোল উঠে। শোকত ভাগি পৰে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ লগতে স্থানীয় লোকসকল। বিবাহ বাৰ্ষিকীৰ উৎসাহ-আনন্দৰ দিনটোতে পত্নীক হেৰুৱাই শোকত ভাগি পৰিছে স্বামী ডালিম মেধি। অৱশেষত এক শোকাকুল পৰিৱেশৰ মাজতে মৃতদেহৰ অন্ত্যোস্তিক্ৰিয়া সম্পন্ন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in