শেহতীয়া খবৰ
ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....  •  জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা...  •  শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা...

আদৰ্শ শিক্ষক মুকুল বৰাৰ মৃত্যুত শোকস্তব্ধ গহপুৰ…

ডিজিটল সংবাদ গহপুৰঃ গহপুৰৰ ৰূপনগৰ নিবাসী, আদৰ্শ শিক্ষক তথা সমাজ সংগঠকক মুকুল বৰা (৫৮)ৰ শুকুৰবাৰে পুৱা ৬.১০বজাত পৰলোকপ্ৰাপ্তি ঘটে। পূব কলংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰয়াত বৰাই দুটা কাৰ্যকালৰ বাবে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল।

সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত জনপ্ৰিয় বৰাই মহকুমা কৃতী শিক্ষকৰ বঁটাও লাভ কৰিছিল ।বিগত কেইবছৰমান ধৰি তেখেত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল যদিও নিজৰ দায়িত্ব আৰু কতৰ্ব্যৰ প্ৰতি,সদা সচেতন আছিল ।মৃত্যুৰ সময়ত আদৰ্শ শিক্ষক বৰাই পত্নীসহ দুজন পুত্ৰ আৰু পাঁচ জন ভাতৃ আৰু এগৰাকী ভগ্নী এৰি থৈ গৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি