চাহ শ্ৰমিকৰ প্ৰতিবাদঃ অতুল বৰাৰ নিৰ্দেশত শ্ৰমিকৰ মাটিত চৰকাৰী দখলৰ অভিযোগ…

চাহ শ্ৰমিকৰ প্ৰতিবাদঃ অতুল বৰাৰ নিৰ্দেশত শ্ৰমিকৰ মাটিত চৰকাৰী দখলৰ অভিযোগ…

ডিজিটেল সংবাদ, বোকাখাতঃ জানিব পৰা মতে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ হাতীখুলি  গাঁৱৰ ৰঙাজান চাহ বাগিছাৰ শ্ৰমিক সকলে বহু বছৰৰ পৰা খেতি কৰি খাই থকা মাটি শেহতীয়াকৈ বোকাখতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ ছত্ৰছায়াত একাংশ দালাল , স্থানীয় গাঁওবুঢ়া তথা ঠিকাদাৰে কাঢ়ি লোৱাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ চাহ শ্ৰমিকে।

এই ক্ষেত্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হাতীখুলি প্ৰাথমিক গোটে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বোকাখতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ দাবী তুলিছে । যি সময়ত চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষাৰ  শ্লগানেৰে গাদি দখল কৰি আছে ঠিক তেনে সময়তে বিশেষকৈ খাটি খোৱা চাহ শ্ৰমিকৰ মাটি স্থানীয় কৰ্মকাৰ উপাধিৰ অ গ প নেতাই চক্ৰান্ত কৰি  ৰঙাজান চাহ বাগিছাৰ শ্ৰমিকে পুৰুষানুক্ৰমে খেতি কৰি জীৱন নিৰ্বাহ কৰা ভূমি কাঢ়ি লোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰঙাজান চাহ বাগিছাৰ একাংশ ৰাইজে ।

চাহ শ্ৰমিকৰ অভিযোগৰ অভিযোগ অনুসৰি বহু বছৰৰ পৰা খাজনা দি খেতি কৰি খাই থকা সাধাৰণ ৰাইজৰ খেতি মাটিৰ পৰা চক্ৰান্ত কৰি দখলকাৰীক মাত্ৰ দহ হাজাৰকৈ টকা দিয়াৰ প্ৰলোভন দেখুৱাই স্থানীয় গাঁৱবুঢ়াই শ্ৰমিকক বিতাৰিত কৰাৰ চেষ্টা চলাইছে বুলিও চাহ শ্ৰমিকে অভিযোগ উত্থাপন কৰিছে ।এই ক্ষেত্ৰত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাজিৰঙা আৰু বোকাখাত সমিতিয়ে স্পষ্ট কৰি দি কয় যে, কোনো কাৰণতে চাহ শ্ৰমিকৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ'ব ।

ইফালে বি জে পি'ৰ ৰাজ্যিক সমিতিৰ কৰ্মী পৰমেশ্বৰ পানিকাই সংবাদ মাধ্যমক জানিব দিয়া মতে বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ ওচৰলৈ উক্ত ভূমি সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে ওলোটাই ভাবুকি প্ৰদান কৰি কয়-"মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছা । গোছৰ তৰি জেলত ভৰাই থম" ।

তাৎপৰ্যপুৰ্ণ ভাৱে বোকাখতৰ ৰাজহ চক্ৰ বিষয়া মানসজ্যোতি নাথে জানিব দিয়া মতে স্থানীয় ৰাইজৰ উন্নয়ণৰ কথা চিন্তা কৰি কাজিৰঙাত এখন গাহৰি প্ৰজনন কেন্দ্ৰ স্থাপন কৰাৰ বাবে বোকাখতৰ বিধায়ক তথা কৃষি – পশুপালন মন্ত্ৰী অতুল বৰাই কিছু মাটি বিচাৰি প্ৰস্তাৱ আগবঢ়ায় ।

মন্ত্ৰীৰ উদ্দেশ্যেৰ প্ৰতি লক্ষ ৰাখি  গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্ত হাতীখুলি বাগিছা গাঁৱত থকা চৰকাৰী মুঠ ৮৬ বিঘা ৩ কঠা  ১৩ লোচা মাটিৰ পৰা ছয় বিঘা মাটি অসম চৰকাৰৰ পশুপালন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰিবলগা গাহৰি প্ৰজনন কেন্দ্ৰৰ বাবে আবন্টন দিয়া হয় । ইতিমধ্যে ম্যাদি পট্টাৰ মাটি কাঢ়ি লোৱা বুলি  ৰাইজৰ অভিযোগ ওপৰত ভিত্তি কৰি পুনৰ বাৰ বোকাখাত ৰাজহ বিভাগৰ মন্ডলৰ দ্বাৰা জোখ – মাপ কৰি উক্ত প্ৰজনন কেন্দ্ৰ নিৰ্মাণ কৰা ঠিকাদাৰক সীমা চমজাই দিয়া হৈছে বুলিও বিভাগীয় সূত্ৰে প্ৰকাশ । উল্লেখ্য ইয়াৰ পূৰ্বে উক্ত চৰকাৰী মাটি কাজিৰঙাত নিৰ্মাণ কৰিবলগা হেলিপৰ্টৰ বাবে ৰাজহ বিভাগে আবন্টন দিছিল যদিও বন বিভাগৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নোপোৱাত বাতিল কৰিবলগীয়া হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in