এইবাৰ পাকিস্তানতো চাহ দোকানীৰ চৰকাৰ!

এইবাৰ পাকিস্তানতো চাহ দোকানীৰ চৰকাৰ!

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পথাৰত ভাল দিন চলিছে চাহ দোকানীসকলৰ। ভাৰতত যেনেকৈ এজন চাহ দোকানী দেশৰ প্ৰধান মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে, ঠিক তেনেকৈয়ে পাকিস্তানতো সাংসদ হ'বলৈ সমৰ্থ একালত চাহ বিক্ৰী কৰি ফুৰা এজন লোক।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া ইমৰান খানৰ দল পি টি আই ৰ পৰা নিৰ্বাচনী টিকট লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱা এই চাহ দোকানীজন হৈছে পাকিস্তানৰ ৰাৱলপিণ্ডিৰ গুল জফৰ খান।

এখন ডাঙৰ হোটেলৰ কাষত সৰু গুমটি এটাত চাহ দোকান দিয়া গুল জফৰ খান এতিয়া কোটিপতি। নিৰ্বাচনী আয়োগক জমা দিয়া সম্পত্তিৰ তালিকাত গুল জফৰৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় তিনিকোটি।

অতিকমেও ১ কোটি ২০ লাখ টকাৰ ঘৰ আৰু খেতি-মাটি থকা গুল জফৰৰ নিৰ্বাচনৰ আগতে চাহ বিক্ৰী কৰি থকা ফটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

কোটিপতি হ'লেও সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা গুল জফৰে সংবাদ মাধ্যমৰ আগত কয় যে যুৱকসকলক ৰাজনীতিৰ পথাৰলৈ অনাৰ লগতে আৰু শিশুৰ শিক্ষাৰ ওপৰত অনাগত সময়ত তেওঁ অধিক গুৰুত্ব দিব। উল্লেখ্য যে গুল জফৰ খান পাকিস্তানৰ খাইবৰ পখতুনখ্বা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in