কোকৰাঝাৰৰ চৰাইখোলাত বিৰহাং চাহ উদ্যোগ মুকলি

কোকৰাঝাৰৰ চৰাইখোলাত বিৰহাং চাহ উদ্যোগ মুকলি

কোকৰাঝাৰঃ  বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটত চৰাইখোলাত আজি বিৰহাং চাহ উদ্যোগ মুকলি কৰা হয়৷ কোকৰাঝাৰ চহৰৰ মনোৰঞ্জন ব্ৰহ্ম নামৰ যুৱ ব্যৱসায়ী এজনৰ নেৰানেপেৰা প্ৰচেষ্টাত আজি বিৰহাং চাহ উদ্যোগ আনুষ্ঠানিক ভাৱে মুকলি কৰে কোকৰাঝাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে৷

উদ্যোগটো মুকলি কৰি ৰবিৰাম নাৰ্জাৰীয়ে বিটিএডি অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহ লাঘৱ কৰাৰ লগতে কেঁচা চাহপাত বিক্ৰী কৰাৰ বাবেও উদ্যোগটোয়ে এখন বজাৰ সৃষ্টি কৰিব বুলি মন্তব্য প্ৰদান কৰিছে৷ তদুপৰি বিটিএডিত অৰ্থনৈতিক বিপ্লৱৰ সূচনা ঘটোৱাৰ লগতে উদ্যোগটোৱে নিৱনুৱা সমস্যা সমাধানত আগভাগ ল'ব বুলি আশা প্ৰকাশ কৰে।

আনহাতে উদ্যোগটোৰ স্বত্বাধিকাৰী মনোৰঞ্জন ব্ৰহ্মই সংবাদমাধ্যমৰ আগত চাহ উদ্যোগটোৱে মাহেকত ২৫ মেট্ৰিকটন চাহ উৎপাদন কৰিব বুলি প্ৰকাশ কৰি বিৰহাং চাহ উদ্যোগে বিটিএডিৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে আজিৰ মুকলি অনুষ্ঠানত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ,কোকৰাঝাৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সংযোগী বিষয়া ক্ৰমে- ৰহিতেশ্বৰ ব্ৰহ্ম আৰু মনোজ কুমাৰ ব্ৰহ্ম, সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে কেনেডী বৰগয়াৰী আৰু শৰৎ ৰায়, বিটিচিৰ প্ৰাক্তন পৰিষদীয় সদস্য ইন্দ্ৰমোহন ব্ৰহ্ম, যুৱ ব্যৱসায়ী ক্ৰমে যুবিৰাজ ব্ৰহ্ম আৰু ৰবীন ব্ৰহ্মকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in