টি বৰ্ডে নিৰ্ধাৰণ কৰি দিয়া দামত কেঁচা চাহপাত বিক্ৰী কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

টি বৰ্ডে নিৰ্ধাৰণ কৰি দিয়া দামত কেঁচা চাহপাত বিক্ৰী কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

ডিজিটেল ডেস্কঃ এক বিবৃতিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জনাই যে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে টি বৰ্ডৰ নির্দেশনাত গঠিত সমিতিয়ে নিৰ্ধাৰিত দামতহে বট্ লিফ ফেক্টৰীক কেঁচা চাহপাত বিক্ৰী কৰে।প্ৰতিখন জিলাত উপায়ুক্তক লৈ গঠিত সমিতিখনে ইতিমধ্যে ন্যূনতম কেঁচা চাহপাতৰ দৰ ঠিক কৰি দিছে।

ছেপ্টেম্বৰ মাহৰ বিল খেতিয়কসকলে টি বৰ্ডে নিৰ্ধাৰণ কৰা এম বি পি মতে, দাখিল কৰিবলৈ সন্থাই সকলো চাহ খেতিয়কক আহ্বান জনাইছে। সন্থাটোৰ সভাপতি গোপাল কৃষ্ণ খাউন্দ আৰু সম্পাদক ৰোহিত বৰগোঁহাইয়ে মঙলবাৰে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে, বহু জিলাত এতিয়া ১৩/১৪টকাত খেতিয়কে চাহপাত বিক্ৰী কৰিব লগা হৈছে য'ত উৎপাদন ব্যয়ে হৈছিল ১৫ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in