কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে টাটা ট্ৰাষ্টে খৰচ কৰিব ৫০০ কোটি

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ভাৰতে কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ টাটা ট্ৰাষ্টে খৰচ কৰিব ৫০০ কোটি টকা। এই কথা সদৰি কৰিছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই। টাটা ট্ৰাষ্ট, টাটা চনছ আৰু টাটা গ্ৰুপৰ হৈ খৰচ কৰিব এই ধনৰাশি। ভাৰতত কোৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে লকডাউন ঘোষণা কৰিছে। লকডাউনৰ দ্বাৰা মহামাৰী কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

কোৰোনা ভাইৰাছৰ ৰোগীৰ চিকিৎসাৰে জড়িত চিকিৎসক তথা চিকিৎসাকৰ্মীসকল বিগত কেইদিনত বহু অসুবিধাৰ সন্মুখীন হৈছে যদিও কেনেদৰে কোৰোনা ভাইৰাছক প্ৰতিহত কৰিব পাৰি সেই কাৰ্যত নিয়োজিত হৈছে। তাৰ মাজতে অভাৱ ঘটিছে চিকিৎসক সকলে ল'বলগীয়া সাৱধানতাৰ অংশস্বৰূপে পৰিধান কৰিবলগীয়া সা-সৰঞ্জামসমূহৰো।

টাটা ট্ৰাষ্টে ৫০০ কোটি টকা খৰচ কৰিব কোৰোনাক প্ৰতিহত কৰাৰ বাবে চিকিৎসা সেৱাৰে জড়িত লোকসকললৈ পাৰ্চনেল প্ৰটেকটিভ ইকুইপমেন্ট প্ৰস্তুত, বৃদ্ধি পোৱা কোৰোনা ৰোগীৰ চিকিৎসা, টেষ্টিং কিট প্ৰস্তুত, আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসা প্ৰক্ৰিয়া উন্নত কৰা, সাধাৰণ লোকৰ লগতে স্বাস্থ্যকৰ্মীৰ মাজত সজাগতাৰ সৃষ্টি আৰু প্ৰশিক্ষণ ইত্যাদি কামত। টাটা টাষ্টে খৰচ কৰিবলৈ লোৱা এই ধনৰাশিৰ দ্বাৰা ভাৰত চৰকাৰে কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ কিছু পৰিমাণে সকাহ পাৰ বুলি আশা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in