বন্ধ হ’ব টাটা নেন’!

বন্ধ হ’ব টাটা নেন’!

ডিজিটেল ডেস্কঃ টাটা গ্ৰুপৰ এখন জনপ্ৰিয় বাহন টাটা নেন'৷ গাড়ীখন মুকলি হোৱাৰ পৰা অইন গাড়ীৰ তুলনাত অতি কম মূল্যৰ বাবে গ্ৰাহক সকলৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে৷ টাটা গ্ৰুপৰ মুৰব্বী ৰতন টাটাৰ ড্ৰিম কাৰ হিচাপে পৰিচিত টাটা নেন'ৰ নিৰ্মাণ ২০২০ চনৰ এপ্ৰিলত সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ সম্ভাৱনা আছে৷

ইয়াৰ কাৰণ হ'ল ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সকলো বাহন বি এছ-০৬ নিৰ্গমণ নীতিৰ অধীনত নিৰ্মাণ হ'ব লাগিব৷ কিন্তু খবৰ অনুসৰি এই ক্ষেত্ৰত টাটা মটৰছে নেন'ৰ বাবে অধিক বিনিয়োগ কৰিব বিচৰা নাই৷ টাটা মটৰছৰ এজন শীৰ্ষ বিষয়াই জনোৱা অনুসৰি ২০২০ৰ এপ্ৰিলৰ ভিতৰত নেন'ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হ'ব পাৰে৷

ইফালে, টাটা মটৰছৰ যাত্ৰীবাহী বাহন শাখাৰ অভিজ্ঞ মায়াংক পাৰিকে জানিবলৈ দিছে যে সকলো বাহনৰ উন্নীতকৰণৰ বাবে ধন বিনিয়োগ কৰিব নোৱাৰে প্ৰতিষ্ঠানটোৱে৷ আৰু সেই ধন বিনিয়োগ নকৰা বাহনসমূহৰ ভিতৰত আছে টাটা নেন'৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in