২০১৮ৰ নবেম্বৰৰ তুলনাত ২৫ শতাংশ বিক্ৰী হ্ৰাস পাইছে টাটা মটৰ্ছৰ বাহন…
ডিজিটেল ডেস্কঃ টাটা মটৰ্ছে দেওবাৰে সদৰী কৰা অনুসৰি ৰাষ্ট্ৰীয় বজাৰত কোম্পানীটোৰ বাহনৰ বিক্ৰী ২০১৮ৰ নবেম্বৰৰ তুলনাত ২০১৯ৰ নবেম্বৰত প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে। টাটা মটৰ্ছৰ বোম্বাই ষ্ট’ক এক্সেঞ্জত কৰা ৰেগুলেটৰী ফাইলিঙত জনাই যে, চলিত বৰ্ষৰ নবেম্বৰত ৩৮,০৫৭খন বাহন বিক্ৰী কৰা হয়।
কিন্তু যোৱা বৰ্ষ অৰ্থাৎ ২০১৮ৰ নবেম্বৰত এই বিক্ৰীৰ সংখ্যা আছিল ৫০,৪৭০খন। উল্লেখ্য যে, গাড়ী নিৰ্মাণ কোম্পানীটোৱে নবেম্বৰত মাহত দেশত ২৭,৬৫৭খন ব্যৱসায়িক বাহন বিক্ৰী কৰে। আৰু এই সংখ্যা ২০১৮চনৰ নবেম্বৰত আছিল ৩৩,৪৮৮খন। যি ২০১৮তকৈ ১৭ শতাংশ কম।