বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ ড° তৰুণ শৰ্মাৰ বিয়োগ…

বিহপুৰীয়াৰ বিশিষ্ট শিক্ষাবিদ ড° তৰুণ শৰ্মাৰ বিয়োগ…

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া নগৰৰ ন নম্বৰ ৱাৰ্ডস্থিত ব্ৰাহ্মণগাওঁ নিবাসী বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা সমাজকৰ্মী ড° তৰুণ শৰ্মা(৭৮) ৰ শুকুৰবাৰে বিয়লি চেন্নাইৰ এপ'লো হস্পিটেলত চিকিৎসাধীন অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুত সমগ্ৰ বিহপুৰীয়াত গভীৰ শোকৰ ছাঁ পৰিছে ৷

ধুবুৰীৰ কন্যা মহাবিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলা শৰ্মাই ১৯৭৩ চনত মাজুলী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক হিচাবে যোগদান কৰি ২০০৫ বৰ্ষত অৱসৰ গ্ৰহণ কৰে ৷ পৰবৰ্তী সময়ত তেওঁ বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বিহপুৰীয়াৰ শৈক্ষিক ক্ষেত্ৰলৈ বৰঙনি আগবঢ়ায় । তদুপৰি তেওঁ চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমান পৰ্যন্ত পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বিহপুৰীয়াৰ পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড° তৰুণ শৰ্মা বিহপুৰীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ আছিল ৷ লখিমপুৰ জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি শৰ্মা অসম ব্ৰাহ্মণ সমাজৰো উপদেষ্টা আছিল ৷

তেওঁৰ মৃত্যুত বিহপুৰীয়া সন্মিলিত নাট্য সমাজ,বিহপুৰীয়া জাতীয় বিদ্যালয়,লখিমপুৰ জিলা ব্ৰাহ্মণ সমাজ,পূৱডিক্ৰং মহাবিদ্যালয়,স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী সহ পৰিয়ালবৰ্গক ইহসংসাৰত এৰি থৈ যায় ৷ কাইলৈ বিয়লি তেৱঁৰ মৃতদেহ নিজা বাসগৃহত সৎকাৰ কৰা হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in