দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮১ সংখ্যক মৃত্যু বাৰ্ষিকী…

দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮১ সংখ্যক মৃত্যু বাৰ্ষিকী…

ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ যিসকল নেতাই যোগদান কৰিছিল সেই সকলৰ ভিতৰত অন্যতম আছিল তৰুণ ৰাম ফুকন। ১৯১৪চনত তেওঁ যোগদান কৰিছিল স্বাধীনতা সংগ্ৰামত। লণ্ডনৰ পৰা উভতি আহি কলিকতাত কিছুদিন ওকালতি কৰাৰ পাছত গুৱাহাটীলৈ উভতি আহিছিল তৰুণ ৰাম ফুকন।

গুৱাহাটীলৈ আহিয়েই তেওঁ আৰ্ল ল' কলেজত কিছুদিন শিক্ষকতা কৰিছিল। মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনৰ তেওঁ আছিল অন্যতম সেনানী। ১৯২২চনত মহাত্মা গান্ধী অসমলৈ আহোতে আলহী হৈছিল তেওঁৰ ভৰলুমুখত থকা ঘৰটোত।

১৯২৩চনত তৰুণ ৰাম ফুকনে যোগদান কৰিছিল চিত্ৰ ৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত। ১৯২৬চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা সফল কৰিবৰ বাবে এইগৰাকী নেতাই দেহে কেহে খাটিছিল।

অসম সাহিত্য সভাৰ ১৯২৭চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অধীবেশনৰ সভাপতিও আছিল তেওঁ। দেশৰ স্বাধীনতাৰ হকে অনবৈদ্য বৰঙণি আগবঢ়োৱা তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল ১৮৭৭চনত। ১৯৩৯চনত মৃত্যু হোৱা তৰুণ ৰাম ফুকন আছিল এজন সুদক্ষ নেতা।

মঙলবাৰে তৰুণ ৰাম ফুকনৰ আছিল ৮১সংখ্যক মৃত্যু বাৰ্ষিকী। দেশভক্ত তৰুণ ৰাম ফুকনে স্বাধীন ভাৰত নেদেখিলেও স্বাধীনতা আন্দোলনৰ আছিল অগ্ৰণী নেতা। ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা এইগৰাকী নেতাৰ মৃত্যু বাৰ্ষিকী আজি পাহৰণিৰ গৰ্ভত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in