এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈছে ৰাজনৈতিক দলবোৰ। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে। গগৈয়ে কয় যে- বৰ্তমান বিজেপি দলত এক নম্বৰী বিজেপিৰ স্থান নাই। ২ নম্বৰী বিজেপিয়ে ১ নম্বৰী বিজেপিক দলটোৰ ভিতৰচৰাত অস্তিত্ব শূন্য কৰা বুলি মন্তব্য দি গগৈয়ে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী আদিয়ে বিজেপি দল গঠন কৰা নাছিল বুলি কয়।

তেওঁ লগতে নিৰ্বাচনৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক উপ-মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰিব বুলি চৰ্চিত খবৰ সন্দৰ্ভতো প্ৰতিজ্ঞা ব্যক্ত কৰিলে। গগৈৰ মতে, উপ-মুখ্যমন্ত্ৰীৰ পদটো আলংকাৰিকহে। বিজেপিত লালকৃষ্ণ আদৱানীৰ দৰে মানুহৰ মূল্য নাই বুলি উল্লেখ কৰি সমগ্ৰ দেশতে বিজেপিৰ ভিতৰচৰাত অন্তঃকণ্ডল সৃষ্টি হোৱা বুলি মন্তব্য কৰে গগৈয়ে।

ইফালে, হিমন্ত বিশ্ব শৰ্মা সহ মহানগৰীত দেওবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা আৰু অগপ নেতৃত্ব বৈঠকত বহা কথা উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নায়ক হোৱা কনৰাড ছাংমাই ইউ টাৰ্ণ মাৰিছে বুলি অভিযোগ তোলে। টকা আৰু ক্ষমতাৰ বলত বিজেপিয়ে বহুতকে নিজৰ দললৈ নিয়াৰ আন এক অভিযোগ তুলি তেওঁ কয়- এই সকলৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা নেতাও আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in