দিছপুৰৰ বিধায়ক আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰৰ বিধায়ক আৱাসত সংবাদমেল৷
  • সোণোৱাল চৰকাৰক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
  • 'ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হোৱা বাবে অসমীয়া হিচাপে আমি গৌৰৱ কৰিছিলো৷'
  • 'কিন্তু সোণোৱাল চৰকাৰখনে তেওঁক যথোচিত সন্মান নকৰিলে৷'
  • 'মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিতে মুখ্য ন্যায়াধীশগৰাকীক অসন্মান কৰা হ'ল৷'
  • 'ৰাজ্য চৰকাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওচৰত ক্ষমা খোজা উচিত।'
  • সংবাদমেলত এইদৰে মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • 'এন আৰ চিক লৈ চৰকাৰখনে ভেকোভাওনা কৰি আছে।'
  • 'এফালে এন আৰ চিৰ কথা কয়, আনফালে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰে।'
  • 'এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিবলৈ সোণোৱাল চৰকাৰ সক্ষম নহয়।'
  • সংবাদমেলযোগে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in