প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম যাত্ৰা, LIVE UPDATES

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম যাত্ৰা, LIVE UPDATES

দিনৰ ৩.২৪ বজাতঃ চিতা তুলি দিয়া হ'ল তৰুণ গগৈৰ নশ্বৰ দেহ।মুখাগ্নি কৰিছে পুত্ৰ গৌৰৱ গগৈয়ে। হৰিধ্বনিৰে মুখৰিত চৌপাশ।

দিনৰ ২.১৭ বজাতঃ নৱগ্ৰহত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জননেতা তৰুণ গগৈক।শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি বহু কেইজন মন্ত্ৰী বিধায়কে।

দিনৰ ১.৫৩ বজাতঃ নৱগ্ৰহত উপস্থিত হৈছেহি তৰুণ গগৈৰ এই অন্তিম যাত্ৰা। তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হৈছে অগনন গুণমুগ্ধ।

দিনৰ ১.১৮ বজাতঃ লতাশিল খেলপথাৰ অতিক্ৰম কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন।

দিনৰ ১.১২ বজাতঃ উগ্ৰতৰা দেৱালয় পাৰ হৈছে তৰুণ গগৈ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন। অগনন গুণমুগ্ধই বাটৰ কাষত ভীৰ কৰিছে তেওঁৰ শেষ দৰ্শনৰ বাবে।

দিনৰ ১২.৪২ বজাতঃ আমবাৰীৰ বুঢ়া মছজিদত ৰৈছে তৰুণ গগৈৰ এই অন্তিম যাত্ৰা। অগণন লোকৰ ভীৰ দেখা গৈছে উক্ত স্থানত।

দিনৰ ১১.৫২ বজাতঃ জু-ৰোডৰ নামঘৰত কিছু সময়ৰ বাবে ৰখোৱা হৈছে তৰুণ গগৈৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন।

দিনৰ ১১.৪০ বজাতঃ ৰাজ্যিক চিৰিয়াখানা পাৰ হ'ল তৰুণ গগৈৰ সমদল যাত্ৰা।

দিনৰ ১১.০৬ বজাতঃ ৰুক্মিণীগাঁৱৰ গীৰ্জাঘৰৰ পৰা এতিয়া জু-ৰোডৰ নামঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে এই সমদলে।

দিনৰ ১১.০০ বজাতঃ ৰুক্মিণীগাঁৱৰ গীৰ্জাঘৰত পালেহি তৰুণ গগৈৰ নশ্বৰ দেহ।

পুৱা ১০.৩১ বজাতঃ সন্মুখত ফুলেৰে সুসজ্জিত বাহন লৈ এক বিশাল সমদল ৰুক্মিণীগাওঁ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

পুৱা ১০.২৫ বজাতঃ পুষ্পসজ্জিত বাহনত উঠোৱা হৈছে তৰুণ গগৈৰ নশ্বৰ দেহ।

পুৱা ১০.২৪ বজাতঃ তাৰ পৰা পোনে পোনে লৈ যোৱা হ'ব ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ।

পুৱা ১০.২৩ বজাতঃ চৰকাৰী বাসগৃহৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰা।

দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in