বিজেপিয়ে পদুম ফুলৰ মাজত লুকুৱাই ৰাখে টকাঃ তৰুণ গগৈ

বিজেপিয়ে পদুম ফুলৰ মাজত লুকুৱাই ৰাখে টকাঃ তৰুণ গগৈ

ডিজিটেল ডেস্কঃ 'বিজেপিয়ে পদুম ফুলৰ মাজত টকা লুকুৱাই ৰাখে।' -এই অভিযোগ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। বৃহস্পতিবাৰে এক সংবাদমেল যোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপিয়ে জোৱানৰ ত্যাগক লৈ ৰাজনীতি কৰা বুলি অভিযোগ কৰি তৰুণ গগৈয়ে কয়, 'কংগ্ৰেছৰ আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শ। ৰাহুল গান্ধীক এতিয়া সকলোৱে আদৰি লৈছে। বিজেপিৰ আদৰ্শ ব্ৰিটিছৰ দৰে সংঘাত, ভাগ ভাগ কৰা। সব কা সাথ সবকা বিকাশ প্ৰমাণ কৰক বিজেপিয়ে। বিজেপিয়ে ছিণ্ডিকেটৰাজ আৰম্ভ কৰিছে। ৫ বছৰ মোদীয়ে মন কী বাত কৰিলে, এতিয়া কামৰ খতিয়ান দিয়ক।'

ইফালে বিজেপিয়ে কেৱল পুঁজিপতিৰ লাভৰ বাবে ৰাজনীতি কৰা বুলি অভিযোগ কৰি গগৈয়ে কয়, 'অসমৰ দুটাকৈ কাগজ কল ধ্বংস কৰিলে বিজেপিয়ে। বৰঝাৰ বিমানবন্দৰ প্ৰদান কৰিলে আদানীক। অসমৰ তৈলক্ষেত্ৰও ব্যক্তিগতকৰণ কৰিলে। এইবোৰৰ বাবেই এতিয়া কৃষক, যুৱক, মহিলাসকলে বিদ্ৰোহ কৰিছে। ছয় জনগোষ্ঠীৰ লগতে বড়োসকলকো বিজেপিয়ে প্ৰৱঞ্চনা কৰিলে। বিজেপিয়ে এতিয়া উপলব্ধি কৰিছে যে অসমত আৰু অকলে জিকিব নোৱাৰে, সেয়ে অগপৰ বোকোচাত উঠিছে। বিজেপিৰ অস্তিত্ব নাই, জোৰা–টাপলি মাৰি চলা দল।' জোৰা–টাপলি মাৰি বনোৱা ঘৰ সৰু ধুমুহাইও ভাঙি দিব বুলিও ক'লে গগৈয়ে।

সংবাদ মেলত অগপকো তীক্ষ্ন ভাষাৰে সমালোচনা কৰে তৰুণ গগৈয়ে। অগপক সুবিধাবাদী বুলি আখ্যা দি তেওঁ কয় যে অগপৰ ক্ষমতাৰ স্বাৰ্থত নিজৰ আদৰ্শ পৰ্যন্ত ত্যাগ কৰিছে। অসমীয়া জাতিৰ আবেগক প্ৰতাৰণা কৰা অগপৰ তিনি মন্ত্ৰীক বদনতকৈও উৰ্ধ্বত বুলি মন্তব্য কৰি বিজেপিয়ে অগপৰ ধ্বংস যজ্ঞ পতা বুলি দাবী কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in