আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ…

আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ…

ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান আইচিইউত চিকিৎসাধীন। কোৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত ভৰ্তি হোৱা তৰুণ গগৈ সুস্থ হৈছিল কোৰোনাৰ পৰা। কিন্তু হঠাৎ তেওঁৰ দেহত অক্সিজেনৰ পৰিমান কমি যোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আইচিইউত ভৰ্তি কৰা হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত অক্সিজেনৰ পৰিমান কমি যোৱাৰ বাবে তাৎক্ষণিকভাৱে তেওঁক প্লাজমা প্ৰদান কৰা হৈছিল। পুনৰ অক্সিজেন হ্ৰাস পোৱাত স্বাস্থ্য অৱনতি ঘটে তৰুণ গৰৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in