এসপ্তাহত প্ৰায় ৮ জনক হত্যা! কাশ্মীৰৰ টাৰ্গেট কিলিং সন্দৰ্ভত বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ…

এসপ্তাহত প্ৰায় ৮ জনক হত্যা! কাশ্মীৰৰ টাৰ্গেট কিলিং সন্দৰ্ভত বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ…

ডিজিটেল ডেস্ক:  কাশ্মীৰত পুনৰ আৰম্ভ হৈছে কাশ্মীৰী পণ্ডিতৰ ওপৰত অত্যাচাৰ। বিগত কেইটামান দিন বহু কেইজন লোকক হত্যা কৰাৰ খবৰে দেশক চাঞ্চল্যই বিৰাজ কৰিছে।

কাশ্মীৰত বেংক মেনেজাৰ, অন্য লোকৰ হত্যা আৰু কাশ্মীৰী পণ্ডিতে পলায়নৰ চেষ্টা কৰাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল আৰু শীৰ্ষ সুৰক্ষা বিষয়াৰ লগত বৈঠকত মিলিত হয়।

বৰ্তমানত কাশ্মীৰৰ পৰিস্থিতিক লৈ ৰাজ্যপাল মনোজ সিন্হাক দিল্লীলৈ মতা হৈছিল। তাৰপাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। এই টাৰ্গেট কিলঙৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়।

উল্লেখ্য  যে, বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে কুলগামত এটা বেংকৰ ভিতৰত সুমাই বেংক মেনেজাৰত হত্যা কৰিছিল।ইয়াৰ দুই ঘন্টা পাছত বড়গাম জিলাত দুই শ্ৰমিকক কামৰ পৰা উভতাৰ সময়ত গুলীয়াই হত্যা কৰে।বিগত এক সপ্তাহত প্ৰায় ৮ জনক হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

মঙলবাৰে সন্ত্ৰাসবাদীয়ে এগৰাকী হিন্দু শিক্ষয়িত্ৰী, তাৰ পূৰ্বে পৃথক পৃথক ঠাইত ৩ জন আৰক্ষী আৰু এগৰাকী অভিনেত্ৰীক গুলীয়াই হত্যা কৰিছিল। ইয়াৰ কিছুদিন পূৰ্বে আন এগৰাকী হিন্দু চৰকাৰী কৰ্মচাৰীক হত্যা কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in