তাৰাবাৰী থানাত আৰক্ষী বিষয়া সমীৰণ বৈশ্যক ঊষ্ম অভিনন্দন বিৰিণা গোষ্ঠীৰ…

তাৰাবাৰী থানাত আৰক্ষী বিষয়া সমীৰণ বৈশ্যক ঊষ্ম অভিনন্দন বিৰিণা গোষ্ঠীৰ…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা প্ৰাংগণত শুকুৰবাৰে সন্ধিয়া বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যক উষ্ম অভিনন্দন আৰু বিদায় সম্ভাষণ জনায় ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ লগতে তাৰাবাৰী আৰক্ষী থানাৰ কৰ্মচাৰীবৃন্দ আৰু গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ।

উল্লেখ্য যে বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী বিষয়া হিচাপে দক্ষতাৰে বিগত তিনিটা বছৰ কাৰ্যনিৰ্বাহ কৰা সমীৰণ বৈশ্যই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়ালৈ পদোন্নতি হয় । শুকুৰবাৰে সন্ধিয়া বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাত সুদক্ষ আৰক্ষী বিষয়া সমীৰণ বৈশ্যক বিদায় সম্ভাষণ আৰু অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে ।

এগৰাকী ব্যস্ত আৰু দক্ষ আৰক্ষী বিষয়া হোৱাৰ উপৰিও সাহিত্য আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই আৰক্ষী বিষয়া সমীৰণ বৈশ্যক গোষ্ঠীটোৱে শুকুৰবাৰে ঊষ্ম অভিনন্দন জ্ঞাপন কৰে ।বিৰিণা গোষ্ঠী ,অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানৰ নেতৃত্বত গোষ্ঠীটোৰ উপ সভাপতি বসন্ত ঠাকুৰীয়া , সহঃ সম্পাদক সুৰজিৎ পাঠক , বিজ্ঞাপন সচিব চেলিম মালিক , মইদুল ইছলাম ( মণি) , সদস্য খনীন পাঠক , খঞ্জনজ্যোতি পাঠক , ইলিয়াচ আলীকে আদি কৰি কেইবাজনো সদস্য উপস্থিত থাকি বিৰিণাৰ নামাংকিত ফুলাম গামোচা, বিৰিণা গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এটি কিতাপৰ টোপোলা আৰু এটা ফুলাম জাপিৰে অভিনন্দন জ্ঞাপন কৰে বিৰিণা গোষ্ঠীৰ শুভচিন্তক , একালৰ ছাত্ৰনেতা তথা নিষ্ঠৱান আৰক্ষী বিষয়া সমীৰণ বৈশ্যক।

তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে ফুলাম গামোচা আৰু পিতলৰ শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰাও এখন ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰে আৰক্ষী বিষয়াগৰাকীক । সম্বৰ্ধনা গ্ৰহণ কৰি আৰক্ষী বিষয়া সমীৰণ বৈশ্যই কয় যে-" বৰপেটাত মোৰ চাকৰিৰ জন্ম ।

গতিকে মৃত্যুৰ আগমুহূৰ্তলৈকে বৰপেটাৰ নাম মোৰ আত্মাত থাকিব ।চাকৰি সূত্ৰে বৰপেটাত যিখিনি মানুহৰ লগত থাকিলোঁ, তেওঁলোকৰ পৰা যিটো পৰিবেশ পালোঁ, যি মৰম-শ্ৰদ্ধা পালোঁ তাতকৈ বেছি প্ৰাপ্তি হয়তো এগৰাকী আৰক্ষী বিষয়াক নালাগে। আচলতে মানুহৰ কৰ্মই সম্পৰ্ক গঢ়ে। কাম কৰিলেহে মানুহৰ লগত সম্পৰ্ক হয়।লকডাউনৰ সময়ছোৱাত দিনে-নিশাই কাম কৰিছিলোঁ ।

লকডাউনৰ স্মৃতি ৰোমন্থন কৰিলে বৰপেটাৰ কথা বিশেষকৈ সৰ্থেবাৰী আৰু তাৰাবাৰী অঞ্চলৰ কথা সদায় মনত পৰিব "। সভাখনত তাৰাবাৰী আৰক্ষী থানাৰ কেইবাগৰাকীও আৰক্ষীৰ লগতে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আৰু সাধাৰণ সম্পাদক চলমান হুছেইন উপস্থিত থাকে । মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি অনুষ্ঠিত সভাখনত আৰক্ষী বিষয়া সমীৰণ বৈশ্যই মানুহক সদায় সহায় কৰি যাবলৈও সকলোলৈ আহ্বান জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in