সপৰিয়ালে আহি ভোটদান কৰিলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে…

সপৰিয়ালে আহি ভোটদান কৰিলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে…

ডিজিটেল সংবাদ, শিৱসাগৰঃ সমগ্ৰ দেশৰ লগতে অসমৰ ৫ টা সমষ্টিত পুৱা ৭ বজাৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভোটকেন্দ্ৰ সমুহত পুৱাৰে পৰা ভোটাৰ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ চহৰঅঞ্চলত কৈ গ্ৰাম্যাঞ্চলত ভোটাকেন্দ্ৰ সমুহত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে।

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত শিৱসাগৰ, থাওৰা আৰু আমগুৰি বিধানসভা সমষ্টি ৫০৬ টা ভোটগ্ৰহণ বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে প্ৰক্ৰিয়া চলি আছে। নিৰাপত্তা দিশৰ ওপৰত লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে প্ৰতিটো ভোট গ্ৰহণ এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱান নিয়োগ কৰাৰ লগতে ৮৪ টা স্পৰ্শকাতৰ কেন্দ্ৰত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰিছ।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে পুৱাই পৰিয়াল সহ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। তপন কুমাৰ গগৈয়ে সোণাৰী সমষ্টিৰ নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটদান কৰে।

ভোটদান সম্পন্ন কৰি প্ৰাৰ্থী গৰাকীয়ে সকলো ৰাইজক ভোটদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। আনহাতে তপন কুমাৰ গগৈৰ পত্নীয়ে নিজৰ স্বামী এই নিৰ্বাচনত জয়ী হোৱাটো বিচাৰে আৰু স্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰতটো অংশ লৈছিল বুলি জানিবলৈ দিয়ে।আনহাতে  ডিমৌ টাউন হাইস্কুল, ৫৪ নং ভোট কেন্দ্ৰত ভোটদান কৰিলে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in