নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত তুলুঙা মন্তব্য প্ৰাক্তন আছু নেতা, মন্ত্ৰী তপন গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত তুলুঙা মন্তব্য প্ৰাক্তন আছু নেতা, মন্ত্ৰী তপন গগৈৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ সোমবাৰে ওদালগুৰিত কৃষকসকলৰ মাজত কৃষি সা-সজুলি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈ। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰি কেৱল "ৰাজ্যসভাত বিলখন নাহিল" বুলি তুলুঙা মন্তব্য কৰে একালৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। মূখ্যমন্ত্ৰীৰ কৃষি সা-সজুলি যোজনাৰ অধীনত সোমবাৰে ওদালগুৰিত ১৬,৩৮৪ গৰাকী কৃষকৰ মাজত পাঁচ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ স্বতন্ত্ৰ আৰু গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে।

ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক কৃষক উপস্থিত থাকে। কাৰ্যসূচীটোত মূখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে চৰকাৰখনৰ বিভিন্ন উন্নয়ণমূলক কামৰ খতিয়ান দাঙি ধৰে।

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীক সাংবাদিকে তেওঁৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন কৰাত তেঁখেতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰৰ বিপৰীতে বাৰম্বাৰ কৈ গ'ল "ৰাজ্যসভাত বিলখন উত্থাপনেই নহ'ল"। এসময়ত ৰাজ্যৰ জনসাধাৰণৰ সমস্যাৰ বাবে সন্মুখৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দি অহা বৰ্তমানৰ মন্ত্ৰীগৰাকীৰ এনে তুলুঙা মন্তব্য‌ই স্বাভাৱিকতে বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in