বোৰ্খা পিন্ধি থানাত হাজিৰ #MeTooৰে নানাৰ নিদ্ৰা হৰণ কৰা তনুশ্ৰী

বোৰ্খা পিন্ধি থানাত হাজিৰ #MeTooৰে নানাৰ নিদ্ৰা হৰণ কৰা তনুশ্ৰী

ডিজিটেল ডেস্কঃ নানা পাটেকাৰৰ বিৰুদ্ধে ২০০৮ চনৰ এখন চিনেমাৰ শ্বুটিঙৰ সময়ত যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা অভিনেত্ৰী তনুশ্ৰী দত্ত বুধবাৰে বিশেষ ৰূপত উপস্থিত হয় অশ্বিৱাৰা আৰক্ষী থানাত। অভিনেত্ৰীগৰাকীৰ সৈতে থানাত উপস্থিত হয় তেওঁৰ দুই অধিবক্তা।

থানাত উপস্থিত হৈয়ে জবানবন্দী প্ৰদান কৰে অভিনেত্ৰী তনুশ্ৰীয়ে। অভিনেত্ৰীগৰাকীয়ে হিন্দী অথবা ইংৰাজীত জবানবন্দী গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল যদিও মুম্বাই আৰক্ষীয়ে সেয়া অগ্ৰাহ্য কৰে। সেয়ে মাৰাঠী ভাষাত দখল থকা দুই অধিবক্তাৰ সহায় ল'বলগীয়া হয় তনুশ্ৰীয়ে।

জুম টিভিয়ে নিজস্ব ৱেবছাইটত প্ৰকাশ কৰা বাতৰি অনুযায়ী নানা পাটেকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা অভিনেত্ৰীগৰাকীয়ে থানাখনত উপস্থিত হোৱা নাছিল সাধাৰণভাৱে। প্ৰিয় পোছাকৰ পৰিৱৰ্তে জবানবন্দী দিবলৈ অহাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল বোৰ্খা।

নিজৰ গাড়ীত চালকৰ আসনৰ কাষত বোৰ্খা পৰিধান কৰি থানাত হাজিৰ হোৱা অভিনেত্ৰীগৰাকীক প্ৰথম অৱস্থাত স্থানীয় সাংবাদিকসকলেই চিনিব পৰা নাছিল। কিন্তু কিছুসময় পিছতে বোৰ্খা পৰিধান কৰি অহা মহিলাগৰাকীয়েই #MeToo আন্দোলনৰে দেশৰ মহিলাসকলক জগাই তুলি বহু পুৰুষক আতংকিত কৰি তোলা তনুশ্ৰী বুলি জানিব পাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in