টংলাত ব্যস্ত ৰে’লৱে লেভেল ক্ৰ’ছিং বন্ধৰ চেষ্টাঃ ৰাইজৰ ক্ষোভ দেখি উভতিল ৰে’ল আৰক্ষী, VIDEO

টংলাত ব্যস্ত ৰে’লৱে লেভেল ক্ৰ’ছিং বন্ধৰ চেষ্টাঃ ৰাইজৰ ক্ষোভ দেখি উভতিল ৰে’ল আৰক্ষী, VIDEO

ডিজিটেল সংবাদ, টংলাঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰঙিয়া ৰে'ল ডিভিজনৰ ৰঙিয়া-ৰাঙাপাৰা জংচনৰ মাজৰ টংলা ৰে'লৱে ষ্টেচনৰ নিকটৱৰ্তী চমুৱাপাৰা গাঁৱৰ অতি পুৰণি আৰু সদা ব্যস্ত উন্মুক্ত ৰে'লৱে লেভেল ক্ৰ'ছিঙটোত অঞ্চলটোৰ ৰাইজে স্থায়ী লেভেল ক্ৰ'ছিং স্থাপন কৰি গে'ট নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ মাজতে দেওবাৰে নিশা ৰঙিয়া ৰে'লৱে ডিভিজনৰ নিৰ্দেশত উক্ত লেভেল ক্ৰ'ছিংটো ৰে'লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে'ল আৰক্ষীৰ এটা বৃহৎ দলে বলপূৰ্বকভাৱে বন্ধ কৰিবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজৰ সৈতে তীব্ৰ সংঘাতৰ সৃষ্টি হয়।

হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ ধূপতল, পুখুৰীপাৰা, বানশেৰীয়াকে ধৰি আন কেইবাখনো গাঁৱৰ অহা-যোৱাৰ গড়কাপ্তানি মূল পথটোত থকা এই লেভেল ক্ৰ'ছিংটো বন্ধ কৰি দিলে গাঁওকেইখনৰ সকলো ৰাইজৰ টংলা নগৰকে ধৰি আন ঠাইৰ পোনপটীয়া পথ যোগাযোগ ব্যাহত হোৱাৰ উপৰি জৰুৰীকালীন পৰিস্থিতিত অঞ্চলটোলৈ তৎকালীনভাৱে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি অহা-যোৱা কৰাৰ কোনো বিকল্প পথ নাথাকিব৷ তেনে পৰিস্থিতিৰ কথা চিন্তা কৰিয়েই ৰাইজে এই ৰে'লৱে লেভেল ক্ৰ'ছিঙত এখন স্থায়ী গে'ট স্থাপনৰ বাবে ৰঙিয়া ৰে'ল ডিভিজন কাৰ্যালয়ত ২০১১ চনৰ পৰা কেইবাবাৰো স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছে।

বিভাগটোৱে উক্ত স্থানত ৰখীয়াযুক্ত গে'ট নিৰ্মাণৰ আশ্বাস প্ৰদান কৰি আহিছিল যদিও নিশা ৰাইজৰ অজ্ঞাতে হঠাতে এনেদৰে লেভেল ক্ৰ'ছিংটো এক্সক্লেভেটৰৰে গাঁত খান্দি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ চেষ্টা কৰে৷ নিশা ৰাইজে এই কথা জানিব পাৰি উক্ত স্থানত সমবেত হৈ কেইবা শতাধিক পুৰুষ-মহিলাই বিভাগটোৰ পদক্ষেপত জাঙুৰ খাই উঠি তীব্ৰ প্ৰতিবাদ জনায়৷ যথেষ্ট সংখ্যক নিৰাপত্তা বাহিনীৰে সজ্জিত ৰে'ল বিভাগৰ দলটোৱে ৰাইজক এই কামত বাধা নিদিবলৈ বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি দিয়ে যদিও ৰাইজে ৰুদ্ৰমূূূূৰ্তি ধাৰণ কৰি আকোঁৰগোজ হৈ থকাত অৱশেষত ৰে'ল বিভাগৰ দলটোয়ে সেই স্থান ত্যাগ কৰে।

সোমবাৰে পুৱা উত্তেজিত ৰাইজে ৰে'লৱে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ৰে'লৱে বিভাগক কোনো কাৰণতেই এই লেভেল ক্ৰ'ছিং বন্ধ কৰিবলৈ দিয়া নহ'ব বুলি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ যে, ইয়াৰ পূৰ্বেও ৰে'ল বিভাগে উক্ত লেভেল ক্ৰ'ছিংটো বন্ধ কৰি দিয়াৰ বাবে কেইবাবাৰো চেষ্টা চলাই ব্যৰ্থ হোৱাৰ পিছত দেওবাৰে নিশাৰ আন্ধাৰত ৰাইজৰ অজ্ঞাতে লেভেল ক্ৰ'ছিংটো বন্ধ কৰাৰ বাবে চেষ্টা কৰিছিল৷ স্থানীয় ৰাইজ আৰু টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাই উক্ত স্থানত অতি শীঘ্ৰে ৰখীয়াযুক্ত ৰে'লৱে গে'ট স্থাপনৰ বাবে উৰ্দ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in