অনলাইন শিক্ষাৰ বাবে মোবাইল নথকা গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক ঘৰতে পাঠদান টংলাৰ এগৰাকী শিক্ষয়ত্ৰীৰ…

অনলাইন শিক্ষাৰ বাবে মোবাইল নথকা গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক ঘৰতে পাঠদান টংলাৰ এগৰাকী শিক্ষয়ত্ৰীৰ…

ডিজিটেল সংবাদ, টংলা- লকডাউনৰ সময়চোৱাত অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত ভাৰসাম্য ৰক্ষাৰ বাবে শিক্ষক-শিক্ষয়ত্ৰীসকলক অনলাইন যোগে শিক্ষা প্ৰদানৰ আহ্বান জনাইছে ৷ ৰাজ্যখনৰ আন আন শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ টংলা বালিকা উচ্চ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও সামাজিক মাধ্যমৰ সুবিধা গ্ৰহণ কৰি অনলাইন পাঠদানৰ ব্যৱস্থা অব্যাহত ৰাখিছে ৷

টংলা বালিকা উচ্চ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° হৰিৰাম দাস আৰু প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা দত্তই জনোৱা অনুসৰি প্ৰাথমিক খণ্ডৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় চাৰিশ যদিও অধিক সংখ্যক শিক্ষাৰ্থী দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবে ম'বাইল ফোন নথকাত বিদ্যালয়খনে বৰ্তমানলৈ ইয়াৰে কেৱল আধা সংখ্যক ছাত্ৰ-ছাত্ৰীকহে অনলাইন পাঠদান ব্যৱস্থাত সামৰি ল'বলৈ সক্ষম হৈছে ৷

ম'বাইল ফোন নথকা শিক্ষাৰ্থীসকল পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে ৷ আনহাতে শিক্ষা বিভাগেও তেনে শিক্ষাৰ্থীৰ সন্দৰ্ভত কোনো নিৰ্দেশনা নিদিয়াত বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈ অহা দিশটোৰ প্ৰতি সমমৰ্মিতা প্ৰদৰ্শন কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা দত্তই যোগাযোগ সম্ভৱ হোৱা তেনে শিক্ষাৰ্থীসকলক নিজৰ ঘৰতে বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰি এই দুৰ্যোগৰ সময়ত সামাজিক আৰু শৈক্ষিক দায়বদ্ধতা প্ৰদৰ্শন কৰাত সচেতন ৰাইজে শলাগ লৈছে ৷

শিক্ষয়িত্ৰী দত্তই সামাজিক দূৰত্বৰ নিয়ম আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৰ মাজত প্ৰতিদিনে দুয়ো বেলা নিজৰ ঘৰত প্ৰাথমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক পাঠদান কৰি আহিছে ৷ শিক্ষয়িত্ৰীগৰাকীৰ এই পদক্ষেপক বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় দল-সংগঠনে শলাগ লৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in