ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণ, নিহত এজন

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণ, নিহত এজন

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰাঞ্চলত পুনৰ বৃদ্ধি পাইছে বন্যহস্তী আৰু মানুহৰ সংঘাত৷ বুধবাৰে পুৱা ১নং ৰজাগড়ত হাবিতলীয়া ঠাইত প্ৰাতঃকৰ্ম কৰিবলৈ গৈ বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয় ৪৫ বছৰীয়া শুক্ৰা লোহাৰ। হাতীৰ আক্ৰমণত লোকজনৰ থিতাতে মৃত্যু ঘটে৷

ৰজাগড়ত এখন ব্যক্তিগত চাহ বাগিছাত কৰ্মৰত জীয়েকৰ খবৰ কৰিবলৈ আহি আজি পুৱা মৃত্যু ঘটা লোকজনৰ ঘৰ পানেৰী থানাৰ অন্তৰ্গত গৰুৱাঝাৰত বুলি জানিব পৰা গৈছে৷ আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷

ধনশ্ৰী বন সংমণ্ডলৰ অধীনস্থ ওদালগুৰি জিলাৰ বনাঞ্চলৰ নিকটৱৰ্তী বনভূমি বেদখল কৰি একাংশ চাহ খেতিয়কে য'তে-ততে চাহ বাগিছা পতা, ঘৰ-দুৱাৰ সাজি বসতি স্থাপন কৰাৰ লগতে জিলাখনৰ বনাঞ্চলৰ মাজেৰে বৈ অহা বৰনদী, শুক্লাই, নোনাই, কালা, কুলশী আৰু ভোল্লা আদি নদীৰ কাষৰীয়া বন্যজন্তু বিচৰণস্থলীত এক্সেভেটৰ, ফ'কলেণ্ড আদি গধুৰ যন্ত্ৰৰে বৃহৎ বৃহৎ গাঁত খান্দি শিল-বালি সংগ্ৰহ কৰিছে।

যাৰফলত অঞ্চলটোত বনৰীয়া জীৱ-জন্তুৰ বিচৰণ ভূমি আৰু খাদ্যৰ তীব্ৰ নাটনি ঘটাত এনেদৰে জিলাখনত ক্ৰমাৎ হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। ইফালে, বন বিভাগে এইক্ষেত্ৰত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে সীমান্তবাসী ভুক্তভোগী ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in