মধ্যাহ্ন ভোজন আঁচনি বে-চৰকাৰী সংস্থাক গতোৱাৰ বিৰুদ্ধে টংলাত পথ অৱৰোধ

মধ্যাহ্ন ভোজন আঁচনি বে-চৰকাৰী সংস্থাক গতোৱাৰ বিৰুদ্ধে টংলাত পথ অৱৰোধ

ডিজিটেল সংবাদ, টংলাঃ মধ্যাহ্ন ভোজন আঁচনি বে-চৰকাৰী সংস্থাক গতাই দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ওদালগুৰি জিলা সমিতিয়ে শুকুৰবাৰে জিলাখনৰ টংলাত বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰে মঙলদৈ-ভূটিয়াচাং পথটো দুঘণ্টাৰ বাবে অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যৰ ২৮ খন জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত কেন্দ্ৰীয় ৰন্ধনশালাৰ জৰিয়তে মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব ১৫ টা বে-চৰকাৰী সংস্থাক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ জনাই সংস্থাৰ কেইবা শতাধিক সদস্য-সদস্যাই হাতে-হাতে বেনাৰ-প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে টংলা নগৰৰ পৰিবেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদকাৰীসকলে টংলা জালুকবাৰীৰ পৰা সমদল কৰি বাবুপাৰা হৈ টংলা চাৰিআলিত অৱস্থান গ্ৰহণ কৰি মধ্যাহ্ন ভোজন আঁচনি বে-চৰকাৰী সংস্থাক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, ৰন্ধন কৰ্মীক বাৰ মাহে পাৰিশ্ৰমিক দিয়া, ৰন্ধনকৰ্মীৰ মাননি পাঁচ হাজাৰ টকাকৈ বৃদ্ধি কৰা, ৰন্ধনকৰ্মীৰ পেন্সন, চিকিৎসা সাহাৰ্য্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত বিভিন্ন শ্ল'গান দি টংলা নগৰৰ চাৰিআলি চ'কত এম-বি ৰ'ড অৱৰোধ কৰি নগৰখনৰ সাপ্তাহিক বজাৰৰ দিনটোৰ স্বাভাৱিক জীৱন যাত্ৰা অচল কৰি তোলে৷

চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যখনৰ বিদ্যালয়সমূহত কৰ্মৰত ৯৫ শতাংশ মহিলাসহ ১ লাখ ১৪ হাজাৰ ৰন্ধন কৰ্মীৰ জীৱনলৈ অনিশ্চয়তা নামি আহিব বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি চৰকাৰক উক্ত সিদ্ধান্ত বাতিল কৰাৰ দাবীৰে বিক্ষোভৰ অন্তত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ সংস্থাটোৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in