শেহতীয়া খবৰ
কেনেদৰে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মাহমৰাৰ বিধায়ক যোগেন মহনে, চাওঁক সেই বিশেষ মুহূৰ্তৰ VIDEO  •  কেনেদৰে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মাহমৰাৰ বিধায়ক যোগেন মহনে, চাওঁক সেই বিশেষ মুহূৰ্তৰ VIDEO  •  আৱাহন থিয়েটাৰৰ মঞ্চত ৰূপকোঁৱৰক স্মৰণ, গীতে-কবিতাৰে জীপাল হ'ল এটি সন্ধিয়া, VIDEO  •  শনিবাৰে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে  •  সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ  •  পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...

ওদালগুৰিত সন্ত্ৰাস সৃষ্টি কৰা ‘লাডেন’ৰ মৃত্যু…

307

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তৱৰ্তী ১নং ভোলাটাৰত বুধবাৰে পুৱা এটা পূৰ্ণ বয়স্ক বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলটোত বিগত কেইবা বছৰ ধৰি ঘৰ-দুৱাৰ, বাৰী-বস্তি ভাঙি উপদ্ৰৱ চলাই কেইবাজনো মানুহক আক্ৰমণ কৰি হত্যা কৰা ’লাডেন’ ৰূপে খ্যাত বন্যহস্তীটোৰ মৃতদেহ বুধবাৰে পুৱা ৰাইজে খেতিপথাৰত প্ৰত্যক্ষ কৰি স্বস্তিৰ নিঃশ্বাস পেলাই যদিও হাতীটো কি পৰিস্থিতিত মৃত্য হ’ল সেয়া বৰ্তমানো পোহৰলৈ অহা নাই ৷

স্থানীয় ৰাইজে পুৱা বন্যহস্তীৰ মৃতদেহ দেখা পাই ধূপধূনাৰে সেৱা জনায় ৷ অসম চৰকাৰ তথা বিটিচি চৰকাৰ বনবিভাগৰ গাফিলতিৰ বাবে ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতত ওদালগুৰি জিলাত তীব্ৰত্তৰ হৈছে যদিও এই হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি