এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ…

এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত,  শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ…

ডিজিটেল সংবাদ, টংলাঃ ভাৰতীয় খাদ্য নিগমৰ টংলাৰ টোকানকাটাস্থিত খাদ্য ভাণ্ডাৰত শুকুৰবাৰে পুৱা শ্ৰমিক আৰু নিবিদাপ্ৰাপ্ত ঠিকাদাৰ পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত কাৰ্যালয়টোৰ কাম-কাজ কেইবা ঘন্টাৰ বাবে স্থবিৰ হৈ পৰে ৷ পিছত কলাইগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷

জানিব পৰা অনুসৰি টংলা খাদ্য ভাণ্ডাৰৰ খাদ্য সামগ্ৰী সৰবৰাহৰ (উঠোৱা-নমোৱা) নতুনকৈ নিবিদাপ্ৰাপ্ত ঠিকাদাৰ পক্ষই খাদ্য ভাণ্ডাৰটোৰ স্বীকৃতিপ্ৰাপ্ত পুৰণি শ্ৰমিকসকলক প্ৰাপ্য পাৰিশ্ৰমিকৰ পৰা বঞ্চিত কৰাৰ উপৰি নতুনকৈ অস্থায়ী শ্ৰমিক নিয়োগৰ বাবে চেষ্টা কৰাত পুৰণি তথা স্বীকৃতিপ্ৰাপ্ত শ্ৰমিকসকলে এই অন্যায়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠি আজি পুৱাৰে পৰা টংলা খাদ্য ভাণ্ডাৰৰ মুখ্য প্ৰৱেশ পথত অৱস্থান কৰি খাদ্য সামগ্ৰী সৰবৰাহকাৰী ট্ৰাকৰ চলাচল বন্ধ কৰাৰ উপৰি খাদ্য সামগ্ৰীৰ বস্তা উঠোৱা-নমোৱা বন্ধ কৰি ঠিকাদাৰ পক্ষৰ এই অন্যায়ৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি কাৰ্যালয়টোৰ স্বাভাৱিক কাম-কাজ অচল কৰি তোলে ৷

কলাইগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পিছত শ্ৰমিকসকলৰ বিক্ষোভৰ প্ৰতি সন্মান জনাই ঠিকাদাৰ পক্ষই শ্ৰমিকসকলৰ দাবী মানি লোৱাৰ উপৰি শ্ৰমিকসকলক পূৰ্ৱৰ নিৰিখতে পাৰিশ্ৰমিক দিয়া আৰু পৰবৰ্তী সময়ত নতুন শ্ৰমিক নিয়োগ নকৰাৰ এখন আপোচনামাত সন্মতি প্ৰদান কৰাত উত্তেজনা শাম কাটে ৷ ইয়াৰ পিছত কেইবা ঘন্টাৰ অন্তত খাদ্য ভাণ্ডাৰটোৰ কাম-কাজ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in