৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ প্ৰতিবাদত ভেৰগাঁওত ধৰ্ণা

৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ প্ৰতিবাদত ভেৰগাঁওত ধৰ্ণা

ডিজিটেল সংবাদ, টংলাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁঁও মহকুমাৰ সন্মূখত ৪৩ টা জনজাতীয় সংগঠনৰ উদ্যোগত জন্ম লাভ কৰা CCTOA ৰ উদ্যোগত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াক বাতিল কৰিবলৈ দাবী জনাই শনিবাৰে ভেৰগাঁঁও মহকুমা কাৰ্যলয় সন্মুখত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে CCTOA নামৰ জনজাতীয় সংগঠনটোয়ে৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে ৷ আজিৰ ধৰ্মঘট কাৰ্যসূচীত CCTOA লগতে এবছু ,আৰছু ,বৰ্মন কছাৰী ছাত্ৰ সন্থা,শৰনীয়া কছাৰী ছাত্ৰ সন্থা,ৰাভা মহিলা কল্যাণ পৰিষদ ,পিপলছ জইন্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেন্ট আৰু ট্ৰাইবেল সংঘই চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে ৷ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাৰ হাতত দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধ কৰি এক দীঘলীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in