টংলা এবছু আৰু বড়ো সাহিত্য সভাৰ অধিবেশন সম্পন্ন

টংলা এবছু আৰু বড়ো সাহিত্য সভাৰ অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ টংলাৰ চমুৱাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত টংলা আঞ্চলিক এবছুৰ ৩৬ তম বাৰ্ষিক অধিবেশন আৰু টংলা প্ৰাথমিক বড়ো সাহিত্য সভাৰ ২৭ তম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। কৱীন বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰি ফণীন্দ্ৰ বড়োয়ে সাম্প্ৰতিক সময়ত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত অহা পৰিবৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে নিজকে আগবঢ়াই নিবলৈ বড়ো জাতিৰ নৱ প্ৰজন্মৰ লগতে জাতিটোৰ প্ৰতিগৰাকী লোকক সচেতন ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়৷

ইয়াৰোপৰি, বড়ো জাতিৰ ভাষা, সাহিত্য-সংস্কৃতিকে ধৰি ভূমিৰ অধিকাৰ অক্ষুণ্ণ ৰাখিবলৈ পৃথক বড়োলেণ্ড ৰাজ্য গঠন হ'বই লাগিব৷ বিটিচি চুক্তিয়ে জাতিটোৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষা কৰাত সফল হোৱা নাই৷ বিজেপি চৰকাৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সমাগত সংসদীয় নিৰ্বাচনত বিটিচি এলেকাত বিজেপি দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আদি আহ্বান জনায় এবছুৰ ব'ডোফা মিছন ফৰ চাষ্টেনেবল চেঞ্জ' নামৰ সংস্থাৰ কেন্দ্ৰীয় সমন্বয়ক ফণীন্দ্ৰ বড়োৱে৷

বড়ো সমাজত চলি থকা কু-সংস্কাৰ, অন্ধবিশ্বাসকে ধৰি সুৰা আৰু জুৱাৰ প্ৰচলন বন্ধ কৰা আৰু ম'বাইল, বাইকৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱাৰ বাবে আহ্বান জনোৱা হয় উক্ত অনুষ্ঠানটিত৷ পুৱা টংলা আঞ্চলিক এবছুৰ সভাপতি কৱীন বড়ো আৰু টংলা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি শুকৰাম বড়োয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে ব'ডোফাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে অধ্যাপক নৃপেন বড়োৱে৷

মৃণাল কছাৰীয়ে আঁত ধৰা আৰু ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সভাপতি কামেশ্বৰ বড়োৱে উদ্বোধন কৰা মুকলি সভাত সাহিত্যিক হৰিচৰণ বড়ো, ছাত্ৰ নেতা ৰহেন ব্ৰহ্ম, সমাজ সেৱক নিৰ্মল বড়ো, ৰৱীন্দ্ৰ বড়ো, ইউ পি পি এলৰ ভেৰগাঁৱ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজেন বড়োকে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে৷ কৱীন বড়োক সভাপতি আৰু শ্বমদান বড়োক সাধাৰণ সম্পাদকৰূপে মনোনিত কৰি টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিখন গঠন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in