লকডাউনৰ ফলত চিকিৎসাৰ পৰা বঞ্চিত কৰ্কট ৰোগত আক্ৰান্ত টংলাৰ ১৭ বছৰীয়া কিশোৰী, আৰ্থিক সহায়ৰ আহ্বান পৰিয়ালৰ…

লকডাউনৰ ফলত চিকিৎসাৰ পৰা বঞ্চিত কৰ্কট ৰোগত আক্ৰান্ত টংলাৰ ১৭ বছৰীয়া কিশোৰী, আৰ্থিক সহায়ৰ আহ্বান পৰিয়ালৰ…

ডিজিটেল সংবাদ, টংলা: ওদালণ্ডৰি জিলাৰ টংলা জালুকবাৰী ১ নম্বৰ ৱাৰ্ডৰ নৱনীতা দাস ওৰফে পূজা দাস নামৰ কৰ্কট ৰোগত আক্ৰান্ত ১৭ বছৰীয়া কিশোৰী এগৰাকী লকডাউনৰ ফলত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱা ঘটনা পোহৰলৈ আহিছে ৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ জীৱনলৈ লকডাউনে কঢ়িয়াই আনিছে অমানিশা ৷

কাৰ্তিক দাস আৰু ৰাণী দাসৰ কন্যা নৱনীতা ওৰফে পূজা দাসে এবছৰ পূৰ্বে প্ৰথমে পেটৰ বিষত ভূগি চিকিৎসকৰ কাষ চপাত পেটত টিউমাৰ হোৱা বুলি জানিবলৈ দি অস্ত্ৰোপ্ৰচাৰৰ বাবে বিধান দিয়ে৷ কিন্তু আৰ্থিকভাৱে জুৰুলা হোৱা পৰিয়ালটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত অস্ত্ৰোপচাৰ কৰিব নোৱাৰাত পিছত পুনৰ চিকিৎসকৰ কাষ চপাত পৰীক্ষা কৰি ছোৱালীজনীৰ টিউমাৰত কৰ্কট ৰোগ হোৱাটো নিশ্চিত কৰে৷

চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিশোৰীগৰাকীক বি বৰুৱা কেঞ্চাৰ হাস্পতালত ভৰ্তি কৰি চিকিৎসা গ্ৰহণ কৰি থকা সময়তে দেশজুৰি আৰম্ভ হোৱা কোৰোনা ভাইৰাছ সংক্ৰমণৰ ভাবুকিৰ বাবে হাস্পতাল কৰ্তৃপক্ষই কেম' থেৰাপি দি থকা নৱনীতা দাসক ঘৰলৈ উভতাই পঠিয়াই হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ দিয়ে ৷

টংলাৰ ভাড়াঘৰত থকা পৰিয়ালটোৱে মালিকক ভাড়া আদায় দিবলৈ অসমৰ্থ হোৱাত মোমায়েকৰ পৰিয়ালে সম্প্ৰতি নিজৰ ঘৰতে আশ্ৰয় দিছে ৷ মোমায়েকৰ পৰিয়ালটোও আৰ্থিকভাৱে দুৰ্বল হোৱাত নৱনীতা দাসক সম্প্ৰতি উন্নত চিকিৎসা কৰোৱাবৰ বাবে আহুকালৰ সৃষ্টি হৈছে ৷ আনহাতে কোৰোনা ভাইৰাছৰ বাবে গুৱাহাটীত পুনৰ কঠোৰভাৱে লকডাউন চলি থকাত ছোৱালীজনীক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াত ব্যৰ্থ হৈছে পৰিয়ালটো ৷

প্ৰৱল আত্মবিশ্বাসী নৱনীতা ওৰফে পূজা দাস পূৰ্বৰ দৰে সুস্থ অৱস্থালৈ ঘূৰি আহিবলৈ আবেগ বিভূৰভাৱে আগ্ৰহী হৈ আছে৷ পৰিয়ালে স্থানীয় জনপ্ৰতিনিধিৰ পৰা আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছে যদিও কোনো সঁহাৰি পোৱা নাই ৷ ইয়াৰ বিপৰীতে নিকটৱৰ্তী ৰাইজ আৰু টংলাৰ জুবিনছ ফ্ৰেইণ্ডছ ক্লাৱৰ সদস্যসকলে অহৰহ পৰিয়ালটোক সহায় কৰি আহিছে ৷

শেহতীয়াকৈ ৰাজনৈতিক দলৰ একাংশ সহৃদয়বান ব্যক্তিয়েও কিশোৰীগৰাকীৰ খবৰ লৈ পাৰ্যমানে সহায়ৰ বাবে চেষ্টা কৰাত নৱনীতা দাসৰ লগতে পৰিয়ালটোলৈ আশাৰ ৰেঙণি উভতি আহিছে ৷ সেয়ে এনে পৰিস্থিতিত কোনো সদাশয় ব্যক্তি, সংস্থা, প্ৰতিষ্ঠানে যদি পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰি সম্প্ৰতি বিছনাতে শুই থাকিবলগীয়া অৱস্থা হোৱা নৱনীতা দাসৰ উন্নত চিকিৎসাৰ দিহা কৰে তাৰ বাবে চুবুৰীয়া ৰাইজৰ লগতে দৰিদ্ৰ পৰিয়ালটোৱে আহ্বান জনাইছে৷ নৱনীতাক সহায় কৰিবলৈ ইচ্ছুক সকলে ৯৯৫৭৭০৯৭৪৮ মোবাইল নম্বৰত যোগাযোগ কৰাৰ উপৰি একাউন্ট নম্বৰ- ৩৯১০৮১০০৯৭১, আই এফ এছ চি ক'ড- SBIN0007118, টংলা শাখাত আৰ্থিক সাহায্য প্ৰেৰণ কৰিব পাৰিব বুলি পৰিয়ালে জনাইছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in