টংলাত উদ্যমী যুৱকৰ প্ৰচেষ্টাত “টাইনী টট্‌চ” শিশু ওমলা বিদ্যালয় উন্মোচন

টংলাত উদ্যমী যুৱকৰ প্ৰচেষ্টাত “টাইনী টট্‌চ” শিশু ওমলা বিদ্যালয়  উন্মোচন

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ শৈক্ষিক নগৰী টংলাত শিশুসকলৰ বৌদ্ধিক, মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত টংলাৰ দুগৰাকী শিক্ষানুগৰাকী উদ্যমী যুৱক অপ্ৰতিম বৰা আৰু ধুৰ্জটি  পাঠকৰ প্ৰচেষ্টাত যোৱা ৬ জানুৱাৰীত টংলা নগৰৰৰ চাৰি নং খণ্ডৰ চিত্ৰনগৰত শিশুসকলৰ বাবে "টাইনী টট্‌চ" নামৰ এখনি শিশু ওমলা বিদ্যালয় শুভাৰম্ভ কৰে৷ টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত ড° জীৱন চন্দ্ৰ পাঠকৰ বাসগৃহত শুভাৰম্ভ কৰা শিশুসকলৰ ওমলা বিদ্যালয়খন শুভাৰম্ভ কৰে টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা টংলাৰ বিশিষ্ট ব্যক্তি ৰমাকান্ত বৰুৱাই৷

বিদ্যালয়খন শুভাৰম্ভ কৰি দিয়া ভাষণত ৰমাকান্ত বৰুৱাই এই "টাইনী টট্‌চ" বিদ্যালয়খন শৈক্ষিক নগৰী টংলাৰ শৈক্ষিক মানচিত্ৰত এক নতুন সংযোজন বুলি অভিহিত কৰি অনুষ্ঠানখনে শিশুসকলৰ মানসিক-বৌদ্ধিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে চৰিত্ৰ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত বিশিষ্টা গল্পকাৰ তথা টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা মনোৰমা দাস মেধি, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু উপাধ্যক্ষা ক্ৰমে নীলমনি বৰা আৰু লক্ষীপ্ৰভা দেৱী, বিশিষ্ট সমাজকৰ্মী ক্ৰমে মনমোহন দাস, ধৰণী দাস, স্থানীয় ৰাইজ, অভিভাৱক আৰু অভিভাৱিকাসকল উপস্থিত থাকি অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰে৷ অনুষ্ঠানটোৰ অন্তত টাইনী টট্‌চ কৰ্তৃপক্ষৰ হৈ  উদ্যোক্তাদ্বয় অপ্ৰতিম বৰা আৰু ধূৰ্জটি পাঠকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানখনৰ উত্তৰণত ৰাইজৰ সহায়-সহযোগ আৰু দিহা-পৰামৰ্শ আহ্বান কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in