নৃশংস ঘটনা! খুলশালীয়েকে দাৰে ঘপিয়াই হত্যা কৰিলে ভিনিয়েকক, VIDEO

নৃশংস ঘটনা! খুলশালীয়েকে দাৰে ঘপিয়াই হত্যা কৰিলে ভিনিয়েকক, VIDEO

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ এন চি আঙাৰকাটাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড৷ খুলশালীয়েকে দাৰে ঘপিয়াই হত্যা কৰিলে নিজৰ ভিনীয়েক এন চি আঙাৰকাটাৰ প্ৰকাশ মণ্ডল ( ২৫ ) নামৰ যুৱকজনক৷ উক্ত হত্যাকাণ্ডই তামুলপুৰ মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিবৰণী মতে এন চি আঙাৰকাটা নিবাসী মৃত প্ৰকাশ মণ্ডলৰ ঘৰত ঘৰুৱা কাজিয়াৰ ফলত নিজৰ পত্নী বহুদিন ধৰি মাতৃৰ গৃহত বাস কৰি আছিল। বৃহস্পতিবাৰে নিশা প্ৰকাশে শহুৰৰ ঘৰত প্ৰবেশ কৰিছিল।

সেই সময়ত প্ৰকাশে কিবা অঘটন সংঘটিত কৰাৰ সন্দেহত পত্নীৰ ভাতৃ মানিক শীলে (২১) ঘৰৰ পৰা এখন দা হাতত লৈ তেওঁক খেদি যায়। তাৰ পিছতে এখন মুকলি পথাৰত এটি পথৰ কাষত প্ৰকাশ মণ্ডলক দাৰে ঘপিয়াই মানিকে নৃশংস ভাৱে হত্যা কৰে৷ হত্যাকাণ্ডৰ পিছতে দা খন নিজৰ ঘৰত থৈ ঘটনাস্থলীৰ পৰা তেওঁ পলায়ন কৰে৷

ইপিনে প্ৰকাশ মণ্ডলৰ পৰিয়ালৰ লোকে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে৷ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা প্ৰকাশ মণ্ডলৰ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনি শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷ ইপিনে কুমাৰীকাটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মৃত প্ৰকাশ মণ্ডলৰ পত্নী আৰু খুলশালী সঞ্জয় শীলক(২১) সোধা পোচাৰ বাবে কুমাৰীকাটা আৰক্ষী চকীলৈ আনি তদন্ত আৰম্ভ কৰিছে৷

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মৃত প্ৰকাশ মণ্ডলে নিজৰ শাহুৱেক গৌৰী মণ্ডলক কাঠেৰে কোবাই কোবাই হত্যা কৰি জেলৰ ভাত খাব লগা হৈছিল৷ জেলৰ পৰা ওলাই আহিয়ে ওদালগুৰিত কামৰ সন্ধানত গৈছিল৷ বৃহস্পতিবাৰে তেওঁ ওদালগুৰিৰ পৰা ঘূৰি আহিছিল৷ আনহাতে মৃত প্ৰকাশৰ ভাতৃ সঞ্জীৱ মণ্ডলে অভিযোগ কৰি কয় যে, তেওঁৰ ভাতৃ প্ৰকাশ মণ্ডলক কেবাজনো লোকে খেদি খেদি হত্যা কৰি পলায়ন কৰে৷ ইতিমধ্যেই কুমাৰীকাটা আৰক্ষী চকীৰ বিষয়া নিপন গগৈয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in