শেহতীয়া খবৰ
চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…

গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ এগৰাকী যুৱতীৰ… VIDEO

79

ডিজিটেল সংবাদ, তামুলপুৰঃ গুৱাহাটী মহানগৰীত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে তামুলপুৰৰ এগৰাকী যুৱতীৰ। এই ঘটনাক কেন্দ্ৰ কৰি তামুলপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আছা, আটছা আদিকে ধৰি বিভিন্ন দল সংগঠনে যুৱতী গৰাকীক বলাৎকাৰৰ পাছত হত্যা কৰা বুলি সন্দেহ কৰিছে ।

উল্লেখ্য যে, তামুলপুৰ থানাৰ নাগ্ৰিজুলী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং দোঙাৰগাৱঁৰ অজয় কেৰ্কেটাৰ ১৪ বছৰীয়া ছোৱালী গৰাকী আজিৰ পৰা তিনি বছৰ পূৰ্বে গুৱাহাটীৰ দিছপুৰৰ জনৈক গৌতম মানিৰ পত্নী দীপামনি গোস্বামীৰ ঘৰত বন কৰা ছোৱালী হিচাপে আছিল । যোৱা ১৬ জানুৱাৰীত যুৱতীগৰাকীৰ অসুখ হোৱা বুলি দম্পতী হালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক খবৰ দিয়ে । সেই মৰ্মে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে গুৱাহাটীত গৈ উপস্থিত হোৱাত মৃত অৱস্থাত যুৱতীগৰাকীক প্ৰত্যক্ষ কৰে ।

তদুপৰি ইতিমধ্যে ছোৱালীজনীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈ যোৱা দেখি পৰিয়ালৰ লোক হতভম্ব হৈ পৰে । অতি ৰহস্যজনক ভাৱে মৃতদেহটো নাগ্ৰিজুলী আৰক্ষী চকী পায়হি শনিবাৰে দিনৰ প্ৰায় ১১ মান বজাত । ইফালে, এই খবৰ লাভ কৰি নাগ্ৰিজুলী আছা আটছা আদিকে ধৰি বিভিন্ন দল সংগঠন জাঙোৰ খাই উঠে । যুৱতী গৰাকীক কোনোবাই ধৰ্ষণ কৰি হত্য কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে আছা আটছা আদি দল-সংগঠনে । এই দল-সংগঠন সমূহে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি