শৈশৱত মৌ বিক্ৰি কৰিবলৈ যোৱা বাবু হৈ পৰিল তামুলপুৰৰ সফল কৃষক

শৈশৱত মৌ বিক্ৰি কৰিবলৈ যোৱা বাবু হৈ পৰিল তামুলপুৰৰ সফল কৃষক

ডিজিটেল সংবাদ, তামুৰপুৰঃ তামুলপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সাপকাটা গাঁৱৰ আদৰ্শবান, প্ৰগতিশীল কৃষক বাবু বড়ো। কৃষিকেই জীৱনৰ একমাত্ৰ সম্বল হিচাপে লোৱা বাবু বড়োই প্ৰথমে মৌ পালনেৰে কৃষি জীৱনৰ আৰম্ভ কৰিছিল। "সৰুতে দেউতাই ঘৰতে উৎপাদিত দুকিলো মৌ বিক্ৰি কৰিবলৈ কুমাৰীকাটাৰ খাদীলৈ পঠাইছিল। মৌ বিক্ৰি কৰি মই ৩০ টকা পোৱাত বৰ আনন্দ পাইছিলো। পিছলৈ নিজেই মৌ পুহি উৎপাদিত মৌ বিক্ৰি কৰি লাভান্বিত হোৱাত লাহে লাহে মৌ পালনৰ প্ৰতি আকৰ্ষিত হ'লো'- এইদৰে কৈ গ'ল বাবু বড়োই কৃষিৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাহিনী। তামুলপুৰ মহকুমাৰ এজন সফল আৰু প্ৰগতিশীল কৃষক বাবু বড়ো। বৰ্তমান বাবু বড়োৰ আছে ৬ বিঘা মাটিৰ সুবৃহৎ এখন তামোল বাগান। তামোল-পাণৰ উপৰি বাগানত আছে শাৰী শাৰীলৈ ৩০ জোপা জালুক। ৩০ জোপা জালুক আৰু পাণ বিক্ৰি কৰি বাবুই বছৰি আয় কৰে কমেও ৩০ হাজাৰ টকা।

তামোল বাগানৰ মাজে মাজে আছে ১০০ জোপাতকৈ অধিক কমলাৰ গছ। কমলা বিক্ৰি কৰি বছৰি ৩০ৰ পৰা ৪০ হাজাৰ টকা বাবুই আয় কৰে। বাবুৰ চৌহদত আছে ২.৫ বিঘা মাটিৰ তিনিটা সুবৃহৎ পুখুৰী। মীন পালন কৰি বছৰি বাবুয়ে আয় কৰে ৫০ হাজাৰ টকা। ৬ বিঘা তামোল বাগানৰ উপৰিও বাবুৰ আছে ৮০,০০০ তামোল পুলিৰে সুবৃহৎ এখন নাৰ্ছাৰী। নাৰ্ছাৰীৰ পুলি আৰু তামোল বিক্ৰি কৰি তেওঁ ৬-৭ লাখ টকা আয় কৰে বুলি দৈনন্দিন বাৰ্তাক জানিবলৈ দিলে।

অঞ্চলটোত এগৰাকী প্ৰগতিশীল কৃষক ৰূপে পৰিচিত বাবু বড়োক অসম চৰকাৰৰ তামুলপুৰ মহকুমা কৃষি বিভাগে বিগত ২০১৬ বৰ্ষত প্ৰগতিশীল কৃষক হিচাপে বঁটা প্ৰদান কৰাত যথেষ্ট উৎফুল্লিত হোৱা বাবু বড়োই সম্প্ৰতি ন-ন কৃষিৰ প্ৰতি আকৰ্ষিত হৈ এইবেলি দুই বিঘা মাটিত ঔষধি গুণযুক্ত ক'লা ধানৰ খেতি কৰি ১৮ মোণ উৎপাদন পাবলৈ সক্ষম হৈছে। বাবুৱে শেহতীয়া ভাবে ৬০টা উন্নত জাতৰ হাঁহ পোৱালি পোহা বুলিও আমাক জনালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in