চূড়ান্ত এনআৰচিত উদ্দেশ্য প্ৰণোদিতভাৱে কোচ ৰাজবংশী লোকক অন্তৰ্ভূক্ত নকৰাৰ অভিযোগ, তামুলপুৰত প্ৰতিবাদ

চূড়ান্ত এনআৰচিত উদ্দেশ্য প্ৰণোদিতভাৱে কোচ ৰাজবংশী লোকক অন্তৰ্ভূক্ত নকৰাৰ অভিযোগ,   তামুলপুৰত প্ৰতিবাদ

ডিজিটেল সংবাদ, তামুলপুৰঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ বাক্সা জিলাৰ উদ্যোগত তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দিনৰ এঘাৰ বজাৰ পৰা এক দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তালিকাৰ পৰা উদ্দেশ্য প্ৰণোদিতভাৱে ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ এনআৰচিত নাম অন্তৰ্ভূক্ত নকৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

সোমবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গকুল বৰ্মন উপস্থিত থাকি কোচ ৰাজবংশী সকলৰ নাম বিনাচৰ্তে এন আৰ চি তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায়৷

সোমবাৰৰ অ্ৱস্থান ধৰ্মঘট কাৰ্যসূচীত গকুল বৰ্মনে ঘোষণা কৰে যে, কোচ ৰাজবংশী ছাত্ৰ সন্থাই ২০ ছেপ্তেম্বৰত সৰ্বাত্মক অসম আৰু কমতাপুৰ বন্ধ ঘোষণা, দিল্লীত ৩০ ছেপ্তেম্বৰত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ পিছত যদি চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেতিয়াহলে পৰৱৰ্তী সময়ত দিল্লীতে কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি পৰৱৰ্তী কাৰ্যসূচী লোৱা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in