সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি

ডিজিটেল সংবাদ, সৰুপথাঃ গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটৰ অসম-নাগালেণ্ড সীমান্তত নগাই নিৰপত্তা বাহিনী আৰু অসম আৰক্ষী তথা স্থানীয় প্ৰশাসনৰ উপস্থিতিতে চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ শ শ হেক্টৰ মাটি বেদখল কৰি তামোল পুলি ৰুৱা কাৰ্যই সীমান্তৱৰ্তী ধনশিৰি মহকুমাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

উৰিয়ামঘাটৰ "বি" চেক্টৰত থকা ১নং চেইনপুৰত কিছুদিন পূৰ্বে অৰ'ম' ল'থা নামৰ এজন নগাই অসমৰ বেদখলকৃত মাটিত প্ৰথম অৱস্থাত তামোল পুলি ৰুইছিল যদিও সেই স্থান বনবিভাগে চীজ কৰিছে৷ কিন্তু, অ'ৰ'মা ল'থা নামৰ নগা লোকজনে পুনৰ মঙলবাৰে পুৱাৰে পৰা অসমৰ জাহাজী বস্তিত প্ৰায় ৬০০০ তামোল পুলি ৰোপণ কৰি উক্ত মাটিখিনি নিজৰ দখললৈ নিয়াৰ চেষ্টা চলায়৷

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে, ঘটনাস্থলীত গোলাঘাট জিলা আৰক্ষী অধীক্ষক, ধনশিৰি মহকুমা আৰক্ষী বিষয়া, উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সীমান্ত দণ্ডাধীশ, নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ আৰু নগা আৰক্ষী, চিআৰপিএফ উপস্থিত থকাৰ পিছতো কোনোধৰণৰ লিখিত প্ৰতিবেদন সম্পণ্ণ নোহোৱাকৈয়ে কেৱল স-সন্মানে নগা লোকজনক উক্ত স্থানৰ পৰা তামোল পুলিখিনি উঠাই নিবলৈ কোৱা হয়৷ প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই বিভিন্ন সময়ত নগাই অসমৰ মাটি বেদখল কৰা চেষ্টা বাৰে বাৰে অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে, ২০১৪ চনত সীমান্ত বি চেক্টৰত ৰক্তক্ষয়ী সংঘৰ্ষ হোৱাৰ পাচত চিআৰপিএফে একপক্ষীয় ভাৱে নগাৰ পক্ষ লোৱাৰ অভিযোগ উঠাত চৰকাৰে এচএচবিক দুই ৰাজ্যৰ নিৰপেক্ষ বাহিনী হিচাবে নিয়োগ কৰিছিল যদিও এতিয়া এছএছবিও নিৰপেক্ষ নোহোৱাৰ অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in