মন্দিৰ দৰ্শন কৰি উভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১১ জনে, আহত ৫

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সবৰিমালা মন্দিৰ দৰ্শন কৰি নিজ গৃহলৈ উভতা ১১ তীৰ্থযাত্ৰীৰ প্ৰাণ গ'ল এক ভয়ংকৰ দুৰ্ঘটনাত৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হয় দেওবাৰে দুপৰীয়া প্ৰায় ২.৩৫ বজাত৷ দুৰ্ঘটনাটোত আহত হৈছে ৫ জনকৈ তীৰ্থযাত্ৰী৷

জানিব পৰা মতে, দেওবাৰে দুপৰীয়া সবৰিমালাৰ আয়াপ্পা মন্দিৰ দৰ্শন কৰি তেংলেগানাৰ এটা ১৫ জনীয়া তীৰ্থযাত্ৰীৰ দলে ৰামেশ্বৰম হৈ ঘৰলৈ উভতে৷ কিন্তু তামিলনাডুৰ পুদ্দুকোট্টা জিলাৰ তিৰুমায়ামৰ সমীপত তীৰ্থযাত্ৰীৰ বাহন খনত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে খুন্দা মৰাত দুয়োখন বাহন পথৰ দাঁতিত বাগৰি পৰে৷ এই দুৰ্ঘটনাত ১১ জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ৫ জন তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত হয়৷ আহত সকলক তিৰুমায়ামৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

আনহাতে দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ইতিমধ্যে ৯ জনক চিনাক্ত কৰা হৈছে৷ তীৰ্থযাত্ৰীসকলৰ ভিতৰত অধিকাংশই যুৱক বুলি জানিব পৰা গৈছে৷ ইফালে, ট্ৰাকখনৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in