তালিবানৰ চৰকাৰ গঠনৰ অনুষ্ঠানলৈ চীন, ৰাছিয়া, পাকিস্তান, ইৰাণকে ধৰি কেইবাখনো ইছলামিক ৰাষ্ট্ৰক আমন্ত্ৰণ…

তালিবানৰ চৰকাৰ গঠনৰ অনুষ্ঠানলৈ চীন, ৰাছিয়া, পাকিস্তান, ইৰাণকে ধৰি কেইবাখনো ইছলামিক ৰাষ্ট্ৰক আমন্ত্ৰণ…

ডিজিটেল ডেস্কঃ আফগানিস্তান দখল কৰাৰ পাছত তালিবানে গঠন কৰিবলগীয়া চৰকাৰক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হৈছিল। শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি তালিবানে ৰাষ্ট্ৰখনত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। তালিবানে পাকিস্তান, ৰাছিয়া আৰু চীনকে ধৰি কেইবাখনো দেশক আফগানিস্তানৰ নতুন চৰকাৰ গঠনৰ অনুষ্ঠানত উপস্থিত থাকিবলৈয়ো আমন্ত্ৰণ জনোৱাৰ খবৰ প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে, এই তিনিখন দেশে এতিয়াও আফগানিস্তানত তেওঁলোকৰ দূতাবাস পৰিচালনা কৰি আছে। এজন তালিবান পন্থীয়ে টুইটাৰ হেণ্ডেলত লিখিছে, "ইছলামিক আমিৰাতে কাটাৰ, চীন, ৰাছিয়া, পাকিস্তান, তুৰস্ক আৰু ইৰাণক নতুন চৰকাৰী অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে।"


তালিবানে আফগানিস্তানৰ অন্তিম যুদ্ধক্ষেত্ৰ পঞ্জশিৰ উপত্যকা দখল কৰাৰ দাবী কৰাৰ পিছতে এই টুইটটো কৰা পৰিলক্ষিত হৈছে। ইফালে, সোমবাৰে এক সংবাদমেলত তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয়, "যিহেতু যুদ্ধৰ সমাপ্তি ঘটিছে, তেওঁলোকে আশা কৰে যে অনাগত দিনত আফগানিস্তান সুস্থিৰ হৈ থাকিব।"

লগতে তেওঁ উল্লেখ কৰিছে যে, ভৱিষ্যতে যিকোনো ব্যক্তিয়ে অস্ত্ৰ গ্ৰহণ কৰিলে তেওঁলোকক জনসাধাৰণ আৰু দেশৰ শত্ৰু বুলি অভিহিত কৰা হ'ব।

তদুপৰি, যুদ্ধবিধ্বস্ত দেশখনত শান্তি প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখপাত্ৰগৰাকীয়ে কয়, ৰেইডাৰে কেতিয়াও আমাৰ দেশৰ পুনৰ নিৰ্মাণ নকৰে সেয়া দেশবাসীৰ নিজৰ দায়িত্ব।ইয়াৰ উপৰিও তালিবানে লগতে জনায় যে কাটাৰ, সংযুক্ত আৰৱ আমিৰাত আৰু তুৰস্কৰ কাৰিকৰী দলে কাবুল বিমানবন্দৰৰ পুনঃনিৰ্মাণৰ কাম কৰি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in