আফগানিস্তানত তালিবানৰ আক্ৰমণত নিহত ৮ জোৱান, আহত ৩

আফগানিস্তানত তালিবানৰ আক্ৰমণত নিহত ৮ জোৱান, আহত ৩

ডিজিটেল ডেস্কঃ বুধবাৰে আফগানিস্তানৰ পশ্চিমৰ ফৰাহ প্ৰান্তত থকা নিৰাপত্তাৰক্ষীৰ চাউনীত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই ঘটনাত ৮ জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়।

ইয়াৰ পূৰ্বে ফৰাহৰ পুস্ত কোহস্থিত এটা আফগান সীমান্ত চকীত সোমবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত ২০ জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ বিপৰীতে ২০ জন সাধাৰণ নাগৰিকক সন্ত্ৰাসবাদীৰ দলে অপহৰণ কৰি নিছিল।

প্ৰান্তীয় পৰিষদৰ এগৰাকী সদস্য দাদুল্লা কানীয়ে সদৰী কৰা মতে, মঙলবাৰে নিশাৰ ভাগতো সন্ত্ৰাসবাদীয়ে ফৰাহৰ নিৰাপত্তাৰক্ষীৰ চাউনীত আক্ৰমণ কৰিছিল। কিন্তু নিৰাপত্তাৰক্ষীয়ে সেই সময়ত তালিবানী সংগঠনৰ দলটোক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে বৰ্তমান আফাগনিস্তানৰ অধিকাংশ ঠাইতে তালিবানী শক্তিৰ পুনৰুত্থানৰ পিছত দেশখনৰ সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীৰ বাবে প্ৰতিদিনে সংকত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in