শেহতীয়া খবৰ

তালিবানৰ ঘাটিত বিমান আক্ৰমণ! পঞ্জশিৰ ৰক্ষাত আহমেদ মছুদক কোনে কৰিছে সহায়…

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ পঞ্জশিৰ উপত্যকা দখলক লৈ তালিবান আৰু নৰ্দাৰ্ণ এলায়েন্স ৰেজিষ্ট্ৰেন্স ফ’ৰ্চৰ মাজত চলি থকা যুদ্ধৰ মাজতে পঞ্জশিৰত তালিবানৰ শিবিৰত বিমান আক্ৰমণ হোৱাৰ এক ডাঙৰ খবৰ আছে। এই আক্ৰমণত কেইবাজনো সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। মন কৰিবসগীয়া যে তালিবানে পঞ্জশিৰ প্ৰদেশ দখল কৰা বুলি দাবী কৰিছিল।পঞ্জশিৰৰ ৰাজ্যপালৰ ঘৰৰ সন্মুখৰ ভাগৰ পৰা তালিবানৰ পতাকাৰ সৈতে এটা ভিডিঅ’ও মুকলি কৰা হৈছিল কিন্তু সেই দাবীৰ ২৪ ঘণ্টাৰ ভিতৰতে তালিবানৰ ওপৰত এটা বৃহত আক্ৰমণৰ খবৰ পোৱা গৈছে।

শেহতীয়া তথ্য অনুসৰি, পঞ্জশিৰ উপত্যকাত এতিয়াও ভয়ংকৰ যুদ্ধ চলি আছে। দুয়োফালৰ পৰা প্ৰচণ্ড গুলীবৰ্ষণ হৈ আছে আৰু তালিবানৰ অঞ্চলতো বিমান আক্ৰমণ চলিছে। তালিবানৰ ওপৰত এই বিমান আক্ৰমণত কোনে নৰ্দাৰ্ণ এলায়েন্স ৰেজিষ্ট্ৰেন্স ফ’ৰ্চক সমৰ্থন কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এইটো স্পষ্ট যে তালিবানে পঞ্জশিৰ দখলৰ যি দাবী কৰিছিল তাৰ কোনো সত্যতা নাই।

আনহাতে, দাবী কৰা হৈছে যে পঞ্জশিৰৰ সিংহ শ্বাহ আহমেদ মাছুদৰ পুত্ৰ আহমেদ মাছুদ যোৱা ৩ দিন ধৰি তাজিকিস্তানত আছে, সেয়েহে তালিবানৰ ওপৰত এই এয়াৰ ষ্ট্ৰাইক তাজিকিস্তান বা ৰাছিয়াই চলাইছে বুলি বিশ্বাস কৰা হৈছে। পঞ্জশিৰৰ দখলৰ যুঁজ যোৱা ২৫ দিন ধৰি চলি আছে। আহমেদ মাছুদে সোমবাৰে নিশা তালিবানৰ আক্ৰমণত প্ৰতিৰোধ বাহিনীৰ এজন মুখপাত্ৰ আৰু এজন জেনেৰেল নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে। মাছুদে এটা ১৯ মিনিটৰ এটা অডিঅ’ মুকলি কৰি তাত উল্লেখ কৰিছে যে, আমাৰ যোদ্ধাসকলে পঞ্জশিৰত কেৱল তালিবানৰ বিৰুদ্ধে যুঁজ দিয়া নাই, তেওঁলোকে পাকিস্তানৰ সৈতেও মুখামুখি হৈছে। মাছুদে অভিযোগ কৰিছে যে পাকিস্তানে তালিবানক সহায় কৰি আছে আৰু পাকিস্তানৰ ড্ৰোন, বায়ু সেনাৰ বিমানকো আকাশী আক্ৰমণত নিৰন্তৰ সহায় কৰি আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি