আহিব বিশেষ আলহী! সাধাৰণ লোকৰ বাবে বন্ধ কৰা হৈছে তাজমহলৰ দুৱাৰ…

আহিব বিশেষ আলহী! সাধাৰণ লোকৰ বাবে বন্ধ কৰা হৈছে তাজমহলৰ দুৱাৰ…

ডিজিটেল ডেস্কঃ বন্ধ কৰা হ'ব তাজমহল। দূৰ-দূৰণিৰ পৰা তাজমহল দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীসকল বঞ্চিত হ'ব শ্বাহজাহানে বনাই যোৱা তাজমহলৰ সৌন্দৰ্য পান কৰাৰ পৰা। আগ্ৰাৰ এই তাজমহলৰ প্ৰতি সকলোৰে আছে তীব্ৰ আকৰ্ষণ।

তাজমহললৈ আহিব দুজন বিশেষ অতিথি। ইয়াৰ বাবেই লোৱা হৈছে এই পদক্ষেপ। 'নমস্তে ট্ৰাম্প' অনুষ্ঠানত অংশ ল'বলৈ ২৩ ফেব্ৰুৱাৰীত ভাৰত পাবহি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। লগত থাকিব তেওঁৰ পত্নী মেলানিয়া।

আহমেদাবাদত 'নমস্তে ট্ৰাম্প'ত অংশ লৈ পিচদিনাই যাব নতুন দিল্লীলৈ। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী পত্নীসহ তাজমহল দৰ্শনলৈ যোৱাৰ এক কাৰ্যসূচী আছে। সেয়েহে সুৰক্ষাগত কাৰণত ২৪ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাৰ পৰা আন সাধাৰণ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে তাজমহল দৰ্শন।

নিৰাপত্তাজনিত কাৰণতেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগ্ৰাৰ প্ৰশাসনে সদৰী কৰিছে এই তথ্য। ট্ৰাম্প আৰু তেওঁৰ পত্নীক আদৰণি জনাবলৈ সজাই তোলা হৈছে তাজমহল। ধুই চফা কৰা হৈছে প্ৰতিটো চুক-কোণ।

মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা তাজমহলৰ কোঠাত দিয়া হৈছে মুলতানী মাটিৰ প্ৰলেপ। তাজমহললৈ যাব লগা ১৩ কিলোমিটাৰ পথ সজাই তোলা হৈছে। ইফালে, তাজমহলৰ প্ৰৱেশ পথো সজোৱাৰ ব্যৱস্থা কৰা হৈচে। আশে-পাশে থকা ফুটপাথবোৰ সজাই তোলা হৈছে। লগোৱা হৈছে নতুন চিচিটিভি। তাজমহলৰ সন্মুখত থকা সকলে দোকানৰ ছাইমবৰ্ড এক ৰং কৰা হৈছে।এইদৰে আহমেদাবাদৰ সমান্তৰালভাৱে আগ্ৰাতো ট্ৰাম্প দম্পতীক আদৰিবল প্ৰস্তুতি চলিছে তুংগত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in