নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰুপথাৰত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰুপথাৰত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাই বুধবাৰে সন্ধিয়া সৰুপথাৰ নগৰৰ ৰাজপথত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ জুমুঠি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত চাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। প্ৰতিবাদী ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সংস্থাই বিভিন্ন শ্লোগান দি সৰুপথাৰ নগৰৰ মাজ মাজিয়াত সন্ধিয়া জুমুঠি দাহ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও নমনাৰ লগতে শীঘ্ৰে জনজাতিকৰণৰ দাবী তুলিছে ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in