‘ৰাষ্ট্ৰদ্ৰোহৰ গোচৰে অসমৰ ৰাইজৰ আন্দোলন ৰোধ কৰিব নোৱাৰে’

‘ৰাষ্ট্ৰদ্ৰোহৰ গোচৰে অসমৰ ৰাইজৰ আন্দোলন ৰোধ কৰিব নোৱাৰে’

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭ জানুৱাৰীত সচেতন ৰাইজ আৰু নাগৰিক সমাজে আয়োজন কৰা ধিক্কাৰ দিৱসত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত লতাশিল আৰক্ষী থানাত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতেই বিশিষ্ট প্ৰজ্ঞাবিদ জনৰ কাষত অগণন লোকৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে৷ দীৰ্ঘদিনৰ পৰা জনস্বাৰ্থ বিঘ্নিত কৰিব পৰা চৰকাৰৰ কুটিল অভিসন্ধিক উফৰাবলৈ যতপৰোনাস্তি চেষ্টা চলোৱা প্ৰখ্যাত চিন্তাবিদজনৰ ঘৰত শনিবাৰে উপস্থিত হয় টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ সজাঁতি দল।

জাতিৰ স্বাৰ্থত কথাকোৱাৰ বাবে ড° হীৰেণ গোঁহাই, অখিল গগৈ আৰু মনজিত মহন্তক বিজেপি চৰকাৰে যি ৰাষ্ট্ৰদোহী বুলি অপবাদ জাপি দিছে তাক আমি টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰভাষাৰে গৰিহণা দিয়ে৷ শনিবাৰে দিনৰ ৩ঃ৩০ বজাত টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি দিলীপ গগৈ, উপসভাপতি ভূৱন কটকী, প্ৰচাৰ সম্পাদক গুণকান্ত গগৈ, অজিত দেউঘৰীয়া, মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী জুৰি গগৈকে ধৰি এটি দল লাচিত বটাঁ প্ৰাপক ড° হীৰেণ গোঁহাইৰ চানমাৰীস্থিত বাসগৃহত উপস্থিত হয়৷

বহুসময় ধৰি বৰ্তালাপত অসমৰ জলন্ত সমস্যা সমূহৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত গৃহিত নকৰাবৰ বাবে কি কি কাৰ্যপন্থা অনাগত দিনত লোৱা হ'ব তাৰো কিছু পৰ্যালোচনৰ কৰে দলটোৱে৷ ড° গোঁহাই জীৱনৰ শেষ মূহূৰ্তলৈকে অসম আৰু অসমীয়াৰ স্বাৰ্থত মাত মাতি যাব বুলি জানিবলৈ দিয়ে৷ লগতে টাই আহোম যুৱ পৰিষদ অসমীয়া জাতিৰ ৰক্ষাৰ বাবে যি আন্দোলন অব্যাহত ৰাখিছে সেই আন্দোলনক প্ৰশংসা কৰি সদায় দিহা পৰামৰ্শ দি যাব বুলি অবগত কৰে৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত যি দৰে অসমৰ দল-সংগঠন তথা ৰাইজ স্বতঃস্ফূৰ্ত ভাৱে আন্দোলনত যোগ দিছে সেই আন্দোলন ৰোধ কৰিবৰ বাবে বিজেপি চৰকাৰে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাই, কৃষক নেতা অখিল গগৈ, মনজিত মহন্তৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপবাদ জাপি দিছে বুলি টাইপাৰ প্ৰচাৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁলোকৰ ওপৰত জাপি দিয়া এই গোছৰ যদি অতি শীঘ্ৰেই অসম চৰকাৰে প্ৰত্যাহাৰ নকৰে তেতিয়া সমগ্ৰ অসমতেই আৰু ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি টাইপাৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in