শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

বেলতলাৰ বাসগৃহতে শনিবাৰে থাকিব শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰদেহ, দেওবাৰে ঘূণাসুঁতিত হ’ব অন্ত্যেষ্টিক্ৰিয়া…

169

ডিজিটেল ডেস্কঃ বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক টাবুৰাম টাইডৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব দেওবাৰে। এপ’ল হাস্পতালত শুকুৰবাৰৰ পুৱা ৭.৩০ বজাত মৃত্যু হোৱা টাবুৰাম টাইডৰ নশ্বৰ দেহ বৰ্তমান ৰখা হৈছে বেলতলাৰ বাসগৃহত।

শিক্ষাবিদগৰাকীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বাসগৃহতেই। ভূৱন পেগু, প্ৰদান বৰুৱাকে ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে টাবুৰাম টাইডৰ নশ্বৰ দেহত মাল্যৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

শিক্ষাবিদ তথা ভাষাবিদ গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই তেওঁৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ঘূণাসুঁতিৰ জন্মস্থানত দেওবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ বেলতলাৰ বাসগৃহৰ পৰা নশ্বৰদেহ হেলিকপ্টাৰেৰে গোগামুখলৈ নিবলৈ যোগাযোগ চলাই থকা হৈছে। এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি