গোগামুখত টাবুৰাম টাইডক শেষ শ্ৰদ্ধাঞ্জলী আছুৰ, নশ্বৰ দেহত ছাত্ৰ সন্থাৰ পতাকা-পত্নীৰ হাতত শোক প্ৰস্তাৱ অৰ্পণ ধেমাজি ছাত্ৰ সন্থাৰ

গোগামুখত টাবুৰাম টাইডক শেষ শ্ৰদ্ধাঞ্জলী আছুৰ, নশ্বৰ দেহত ছাত্ৰ সন্থাৰ পতাকা-পত্নীৰ হাতত শোক প্ৰস্তাৱ অৰ্পণ ধেমাজি ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, ধেমাজিঃ বিশিষ্ট শিক্ষাবিদ, মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি টাবুৰাম টাইডক দেওবাৰে গোগামুখত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে হাজাৰ হাজাৰ গুণমুগ্ধৰ লগতে সদৌ ধেমাজি আৰু লখিমপুৰ জিলা ছাত্র সন্থাই। গোগামুখত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত তেখেতৰ নশ্বৰ দেহত ছাত্র সন্থাৰ পতাকা অৰ্পণ কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মন্টুৰাজ বৰুৱা, ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা, ধেমাজি জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি জিতু বৰা আৰু লখিমপুৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধনমনি দত্তই।

টাবুৰাম টাইডৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতে তেওঁৰ পত্নীৰ হাতত শোক প্ৰস্তাৱ অৰ্পণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈৰ লগতে এটা প্ৰতিনিধি দলে। উল্লেখ্য যে, অসমৰ শৈক্ষিক আৰু বৌদ্ধিক জগতৰ নক্ষত্ৰস্বৰূপ মিচিং, অসমীয়া আৰু ইংৰাজী ভাষা সাহিত্যত সমানে দখল থকা টাবুৰাম টাইড আছিল অসমৰ জাতীয় জীৱনৰ মাগদৰ্শক স্বৰূপ। গুৱাহাটীৰ এপ'ল হাস্পতালত শুকুৰবাৰৰ পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল তেওঁ।

টাবুৰাম টাইডৰ বিদেহী আত্মাৰ সদগতি কামনাৰ বাবে দেওবাৰে সন্ধিয়া ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ শ্বহীদ বেদী প্ৰাংগণত বন্তি প্ৰজলন আৰু মৌন প্ৰাৰ্থনা কৰিব। টাবুৰাম টাইড আছিল মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে গঠন হোৱা মিচিং আগম কেবাং (মিচিং সাহিত্য সভা)ৰ প্ৰতিষ্ঠাপক সভাপতি। ইয়াৰ লগতে অসমীয়া, ইংৰাজী আৰু মিচিং ভাষাত বহু কেইখন গৱেষণা পত্ৰ ৰচনা কৰাৰ লগতে তেখেতে মিচিং ভাষাৰ অভিধান আৰু ব্যায়াকৰণ প্ৰণয়ন কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in