শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

এসময়ত দেশ কপোঁৱা প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন শেষাণ আৰু নাই…

518

ডিজিটেল ডেস্কঃ টি এন শেষাণ আৰু নাই। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে ১৯৯০চনৰ ১২ ডিচেম্বৰৰ পৰা ১৯৯৬চনৰ ১৬ ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল শেষাণে। অতি কঠোৰ প্ৰশাসক হিচাপে দেশৰ নিৰ্বাচনী সংস্কাৰৰ হকে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চৰ্চালৈ আহিছিল এইগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত।

১৯৫৫চনত ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰিছিল শেষাণে। কেবিনেট ছেক্ৰেটাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা শেষাণৰ জন্ম হৈছিল কেৰালাৰ তিৰুনেলীত। ১৯৩২চনত জন্মগ্ৰহণ কৰা শেষাণ আছিল পদাৰ্থ বিজ্ঞানত স্নাতক।

তিনি বছৰ তেওঁ প্ৰথম মাদ্ৰাছ খ্ৰিষ্টিয়ান কলেজত ডেমনষ্ট্ৰেট’ৰ হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা শেষাণে ৰমন মেগাছিয়াছ বঁটাও লাভ কৰিছিল। মৃত্যুৰ সময়ত শেষাণৰ বয়স হৈছিল ৮৭ বছৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি