ডনেশ্যন, ইলেকশ্যনত ৰাষ্ট্ৰীয় ঘাইপথৰ পুঁজি! ধন নোপোৱা ঠিকাদাৰে তলা মাৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ ২ কাৰ্যালয়ত, VIDEO

ডনেশ্যন, ইলেকশ্যনত ৰাষ্ট্ৰীয় ঘাইপথৰ পুঁজি! ধন নোপোৱা ঠিকাদাৰে তলা মাৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ ২ কাৰ্যালয়ত, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ নগাঁও বাইপাছৰ পৰা উত্তৰ অসমৰ গহপুৰলৈ চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণৰ উপৰিও মাজুলীৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ২হাজাৰ কোটিৰো অধিক পুঁজিৰ কেইবাটাও বৃহৎ প্ৰকল্পৰ ঠিকা পত্নীৰ নামত পঞ্জীয়ন কৰা ঠিকাদাৰী প্ৰতিষ্ঠান টি কে ইঞ্জিনিয়াৰিং এণ্ড কনচ'ট'ৰিয়াম লিমিটেডৰ মালিক এইবাৰ নামিছে ৰাজনীতিত।

অৰুণাচলৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা ৰাথু তেছীক সেইবাবেই লাগে বিশাল পৰিমানৰ ধন। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বহু কেইটা বৃহৎ প্ৰকল্পৰ ঠিকাৰ বিনিময়ত ইতিমধ্যে আদায় কৰা ৰাজহুৱা পুঁজিৰ বৃহৎ পৰিমানৰ ধন প্ৰকল্প ৰূপায়ন নকৰাকৈয়ে ৰাজনৈতিক দলৰ বৰঙণি, মন্ত্ৰী-বিধায়কক উপঢৌকন আৰু আই পি এলৰ দৰে হাই প্ৰফাইল নিলামত বিনিয়োগ কৰিবলৈ গৈ অৱশেষত গভীৰ সংকটত পৰিব লগা হৈছে এইগৰাকী ধন-ক্ষমতালোভী ঠিকাদাৰ।

নগাঁৱৰ পৰা গহপুৰলৈ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত যোৱা চাৰিটা বছৰে অৰুণাচল, অসম আৰু দিল্লীৰ ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট হৈ কেনেদৰে ৰাইজক জীয়াতু ভোগাইছে সেই সন্দৰ্ভত ইতিমধ্যে আমাৰ পূৰ্বৰ প্ৰতিবেদনত বিস্তৃত তথ্য প্ৰকাশ পাই গৈছে। এফালে, হাজাৰ কোটি টকীয়া চৰকাৰী আঁচনি ৰূপায়নৰ নামত নিম্নমানৰ কাম কৰি ৰাজহুৱা পুঁজিৰ লুটপাত, আনফালে বিশ্বনাথ চাৰিআলি, গহপুৰ, নগাঁৱৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহ জিলা মাজুলীত উপ-ঠিকাদাৰ নিয়োগ কৰি তেওঁলোকৰ প্ৰাপ্য ধন আদায় নিদিয়াত শেহতীয়াকৈ প্ৰতিষ্ঠানটো ৰাইজৰ লগতে উপ-ঠিকাদাৰসকলৰো প্ৰচণ্ড ক্ষোভৰ সন্মুখীন হ'ব লগাত পৰিছে।

আনহাতে, যোৱা ৬ মাহ ধৰি প্ৰতিষ্ঠানটোত কৰ্মৰত চাকৰীয়ালসকলে পোৱা নাই নিয়মীয়া দৰমহা। তেওঁলোকক কেৱল ৰেচনৰহে যোগান ধৰি থকা হৈছে। বিভিন্ন তেল ডিপ'ৰ পৰা বাকীত লোৱা তেলৰ বাবদ দিব লগা ধনো কোটিৰ ঘৰত অনাদায় অৱস্থাত ৰাখিছে প্ৰতিষ্ঠানটোৱে। ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ গহপুৰ কাৰ্যালয়ত থকা পূৰ্বৰ প্ৰকল্প প্ৰবন্ধকগৰাকীক বদলি কৰাৰ উপৰি বহু কৰ্মচাৰীকো চাতাই কৰা হৈছে।

ইফালে, প্ৰাপ্য ধন আদায়ৰ বাবে কেইবাটাও তাৰিখ ধাৰ্য্য কৰিও উপ-ঠিকাদাৰ সকলক ধন নিদিয়াৰ বাবে মঙলবাৰে শতাধিক ঠিকাৰ আৰু ক্ষুব্ধ ব্যৱসায়ীয়ে টি কে ইঞ্জিনিয়াৰিঙৰ জামুগুৰি আৰু বিহালীৰ নাজবৰত থকা কাৰ্যালয় দুটা লণ্ড ভণ্ড কৰাৰ উপৰিও তলা লগাই দিয়ে। ক্ষুব্ধ উপ-ঠিকাদাৰ আৰু ৰাইজৰ উগ্ৰমূৰ্তি দেখি প্ৰবন্ধকসহ একাংশই পলায়ন কৰাৰ বিপৰীতে কৰ্মচাৰীসকল এনে পৰিস্থিতিৰ মুখা-মুখি হৈ দিশহাৰা অৱস্থাত পৰিছে।

অভিযোগ উঠা মতে, পূৰ্বে পেমা খাণ্ডুৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰখা অভিযন্তা গৰাকী শেহতীয়াকৈ হঠাতে শাসক দল বিজেপিৰ অতি ঘনিষ্ঠ হৈ উঠিছে। ইয়াৰ বাবে নিৰ্বাচনৰ আৰম্ভণিৰ সময়ৰ পৰা তেওঁ বহু কোটি টকা নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত অৰুণাচল, অসম আৰু দিল্লীত বিনিয়োগ কৰা বুলিও প্ৰতিষ্ঠানটোৰ সৈতে সম্পৰ্ক থকা সূত্ৰৰ পৰাই জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে, ইতিমধ্যে বহু নিৰ্বাচনী প্ৰাৰ্থী তথা বিধায়কক বৃহৎ পৰিমানৰ ধন আদায় দি অহা বিধানসভা নিৰ্বাচনৰ জৰিয়তে অৰুণাচলৰ শাসন ক্ষমতালৈ অহাৰ সপোনো দেখিছে এইগৰাকী ঠিকাদাৰ-অভিযন্তাই। এই ক্ষেত্ৰত নিজৰ মৰ্যাদা উন্নীতকৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আই পি এলৰ নিলামতো ইতিপূৰ্বে প্ৰায় ১০ কোটি টকা বিনিয়োগেৰে তেওঁ অংশীদাৰ হোৱা বুলি খবৰ প্ৰকাশ পাইছে। ইফালে, অসমৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ তলত সাধাৰণ প্লাষ্টিক বেগ স্থাপন কৰি বহু কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনিখনক প্ৰহসনত পৰিণত কৰাৰ বাবে সত্ৰনগৰীখনতো অব্যাহত আছে প্ৰতিবাদ।

একেদৰে নগাঁৱৰ পৰা গহপুৰলৈ চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণ কাৰ্য চূড়ান্ত প্ৰহসনত পৰিণত কৰাৰ বাবে নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৰাইজো প্ৰতিষ্ঠানটোৰ ওপৰত খৰ্গহস্ত হৈ উঠিছে। কিন্তু অতি ৰহস্যজনকভাৱে ইমানৰ পাছতো দিল্লী, দিছপুৰ কিম্বা ইটানগৰ চৰকাৰে তেওঁৰ ওপৰত কোনো ব্যৱস্থা এই পৰ্যন্ত লোৱা নাই। ইফালে, প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীৰ মতে, প্ৰথমে ধনৰ লালসাত চৰকাৰী অভিযন্তাৰ পৰা ঠিকাদাৰ হোৱা এইগৰাকী ব্যক্তিয়ে এতিয়া ৰাজনৈতিক ক্ষমতাৰ লালসাত কোটি কোটি টকাৰ ডনেশ্যন দিবলৈ গৈ ৰাজহুৱা ধন শৰাধ কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পক প্ৰহসনত পৰিণত কৰাই নহয়, থলুৱা ঠিকাদাৰ তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলকো মাধমাৰ সোধাইছে।

সমান্তৰালভাৱে ডনেশ্যন, ইলেকশ্যন আৰু আই পি এলৰ নিলামত সোমাবলৈ গৈ অৰ্থনৈতিকভাৱে লাণ্ডাচাৰ হোৱাৰ দিশে আগবাঢ়িছে ক্ষমতাৰ খকে মূৰত ধৰা এইগৰাকী বিষয়া। যাৰ বাবেই তিনিটাকৈ তাৰিখ দিয়াৰ পাছতো উপ-ঠিকাদাৰসকলক প্ৰাপ্য ধন অনাদায় ৰাখি দিল্লীত থিতাপি লৈ আছে গৈ ৰাথু তেছীয়ে। এনে পৰিস্থিতিত জামুগুৰি, গহপুৰৰ কাৰ্যালয় বন্ধ কৰি দিয়াৰ পাছত কৰ্মচাৰীসকলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in