অসমৰে আনন্দ সৰ্বানন্দ,টুইটাৰত হ’লগৈ চিণ্ডিকেটানন্দ…

অসমৰে আনন্দ সৰ্বানন্দ,টুইটাৰত হ’লগৈ চিণ্ডিকেটানন্দ…

ডিজিটেল ডেস্ক : সমাগত বিধানসভা নিৰ্বাচনত অসম প্ৰচাৰ চলাবলৈ আহিছিল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । কংগ্ৰেছৰ পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচনী সভাত সৰ্বানন্দ সোণোৱাল চৰকাৰক চিণ্ডিকেটৰাজ চলোৱা চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছিল । বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছে অসমত ১০০ৰো অধিক আসন দখল কৰিব বুলি দাবী কৰিছিল বাঘেলে ।

বাঘেলৰ এই অভিযোগৰ পিছতে টুইটাৰত অধিক জনপ্ৰিয় হৈ পৰিছে এটা শব্দ । হেজ টেগ কৰি টুইটাৰত বহুতে এতিয়া লিখা এই শব্দটো হৈছে চিণ্ডিকেটানন্দ । মঙলবাৰে দিনটোৰ অধিক সময়ত টুইটাৰত ট্ৰেণ্ডিঙত আছে #Syndicatananda । কংগ্ৰেছ দলে সমাজিক মাধ্যম যোগে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা দেখা গৈছে এইদৰে । কংগ্ৰেছে ব্যৱহাৰ কৰা এই #Syndicatananda অধিক লোকে ৰিটুইট আৰু টুইট কৰা পৰিলক্ষিত হয় । দেশৰ বিভিন্ন জন নেতাইও এই #Syndicatananda শ্বেয়াৰ কৰা দেখা গৈছে ।

উল্লেখযোগ্য যে দেশত টুইটাৰত ট্ৰেণ্ডিঙত ৩ নম্বৰ স্থানত আছিল চিণ্ডিকেটানন্দ। প্ৰায় দুঘন্টা ধৰি এই স্থানত আছিল এই শব্দটো । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰিবলৈ কংগ্ৰেছৰ সমৰ্থকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নেতাইও চিণ্ডিকেটানন্দ টুইট কৰিছিল । দুঘন্টাৰ ভিতৰতে চিণ্ডিকেটানন্দ ৰিটুইট কৰিছিল প্ৰায় ১৬ হাজাৰতকৈ অধিক লোকে ।

অসম বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰথমবাৰৰ বাবে টুইটাৰত ট্ৰেণ্ডিঙত স্থান লাভ কৰিছে অসমৰ এক বিষয় । ৰাষ্ট্ৰীয় পৰ্যায়ত তুমুল চৰ্চা আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিণ্ডিকেটানন্দক লৈ । এতিয়ালৈকে ২০ হাজাৰৰো অধিক লোকে এই টুইট ৰিটুইট কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in