ডিজিটেল যুগে ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ নতুন সংজ্ঞা লিখিছে, একেসময়তে ভাবুকিও কঢ়িয়াই আনিছেঃ চিডনী সংলাপত মোডী..

ডিজিটেল যুগে ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ নতুন সংজ্ঞা লিখিছে, একেসময়তে ভাবুকিও কঢ়িয়াই আনিছেঃ চিডনী সংলাপত মোডী..

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে দ্য চিডনী ডায়লগত কাৰ্যসূচী সম্বোধন কৰে। এই অনুষ্ঠানত মডোডীয়ে ভাৰতত প্ৰযুক্তি উন্নয়ন আৰু বিপ্লৱ শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত মোডীয়ে কয় যে, ভাৰতৰ জনসাধাৰণৰ বাবে এইটো এটা ডাঙৰ সন্মান যে মোক চিডনী ডায়লগ সম্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছে। মই এই স্বীকৃতিক প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু উদীয়মান ডিজেটেল বিশ্বত ভাৰতৰ কেন্দ্ৰীয় ভূমিকাৰ স্বীকৃতি হিচাপে গণ্য কৰিছো।

তেওঁ কয়, আমি বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা তথ্য আন্তঃগাঁথনি নিৰ্মাণ কৰি আছো। আমি পৃথিৱীৰ আটাইতকৈ শক্তিশালী পৰিশোধ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছো। ভাৰত বিশ্বৰ সৰ্ববৃহৎ ডাটা উপভোক্তা। লগতে তেওঁ কয় যে আমাৰ এক ৰাষ্ট্ৰ-এক কাৰ্ড আঁচনিৰ দ্বাৰা দেশৰ কোটি কোটি শ্ৰমিক লাভান্বিত হৈছে। ভাৰতৰ ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰত নতুন নেতাৰ উদ্ভৱ হৈছে। কৃষি আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰতো, ডিজিটেল প্ৰযুক্তিৰ সৈতে, আমি ছবিখন সলনি কৰি আছো।

অৱশ্যে, মোডীয়ে তেওঁৰ ভাষণত ক্ৰিপ্টো কাৰেন্সী সম্পৰ্কেও সতৰ্ক কৰি দিয়ে। তেওঁ কয়, "ক্ৰিপ্টো কাৰেন্সী যাতে ভুল হাতত নপৰে সেয়া নিশ্চিত কৰিবলৈ সকলো দেশে একেলগে কাম কৰিব লাগিব। অন্যথা ই আমাৰ যুৱসকলক ধ্বংস কৰিব।" এইয়া আছিল নৰেন্দ্ৰ মোডীৰ ক্ৰিপ্টো কাৰেন্সি সম্পৰ্কে কৰা প্ৰথমটো ৰাজহুৱা মন্তব্য।

ইফালে ডিজিটেল যুগ সম্পৰ্কে মোডীয়ে কয়, আমি পৰিৱৰ্তনৰ সময়ত আছো। ডিজিটেল যুগে আমাৰ চাৰিওফালৰ সকলো দিশ সলনি কৰি আছে। ডিজিটেল যুগে ৰাজনীতি, অৰ্থনীতি আৰু সমাজৰ এক নতুন সংজ্ঞা লিখিছে। ডিজিটেল প্ৰযুক্তিয়ে আন্তৰ্জাতিক প্ৰতিযোগিতা, শক্তি আৰু নেতৃত্বক গঢ় দিছে, কিন্তু একে সময়তে ডিজিটেল ব্যৱস্থাৰ বাবে আমি নতুন ধৰণৰ ভাবুকি আৰু বিতৰ্কৰ সন্মুখীন হৈছো।

গণতন্ত্ৰ আৰু ডিজিটেল নেতা হিচাপে ভাৰতে ইয়াৰ অংশীদাৰী সমৃদ্ধি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ সাজু বুলি প্ৰধানমন্ত্ৰীয়ে কয়। ভাৰতৰ ডিজিটেল বিপ্লৱ গণতন্ত্ৰ, জনগাঁথনি আৰু অৰ্থনীতিৰ পৰিমাণত অন্তৰ্ভুক্ত হৈ আছে। ই আমাৰ যুৱপ্ৰজন্মৰ উদ্যোগ আৰু উদ্ভাৱনৰ দ্বাৰা চালিত।

আনহাতে অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে কয় যে অষ্ট্ৰেলিয়া-ভাৰতৰ এক ঘনিষ্ঠ বন্ধুত্ব আছে। সময়ৰ লগে লগে আমাৰ সম্পৰ্ক আগবাঢ়ি যাব। মহাকাশ, বিজ্ঞান, ডিজিটেল প্ৰযুক্তিকে ধৰি বহুতো ক্ষেত্ৰত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছো। এইটো অষ্ট্ৰেলিয়াৰ বাবে এক সন্মানৰ বিষয় যে প্ৰধানমন্ত্ৰী মোডীয়ে 'চিডনী সংলাপ' সম্বোধন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in