স্বয়ম আঁচনিৰ অধীনত ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব ১ হাজাৰ কোটি টকাঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

স্বয়ম আঁচনিৰ অধীনত ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব ১ হাজাৰ কোটি টকাঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
  • সংবাদমেল সম্বোধন কৰি প্ৰথমে কোৰোনাৰ সন্দৰ্ভত মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • তেওঁ সংবাদমেলত লগতে কয়-
  • চিকিৎসকসকলক ১০ দিন কাম কৰাই ৭ দিন জীৰণি দিয়া হ'ব।
  • প্ৰায় ডেৰ শতাংশ পজিটিভিৰ হাৰ বৃদ্ধি পাইছে।
  • পোষ্ট কোভিডত বহু লোকৰ মৃত্যু হৈছে।
  • কিন্তু শুনি থকা হিচাপে প্ৰায় ১০০০ লোকৰ মৃত্যু হৈছে কোভিড হৈ থকা আৰু কোভিডৰ পৰা সুস্থ হোৱাৰ পাছত।
  • অৰ্থনীতি জীয়াই ৰাখিব লগাৰ বাবে পৰিস্থিতি জটিলৰ পৰা জটিল হৈ গৈ আছে।
  • তিনিটা আঁচনিৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
  • সংশোধিত বা পুনৰীজ্জীৱিত স্বয়ম অৰ্থাৎ স্বামী বিবেকানন্দ য়ুথ এমপাৱাৰমেন্ট যোঁজনা অনুসৰি অহা ৩ মাহত ৰাজ্য চৰকাৰে ১হাজাৰ কোটি টকা খৰচ কৰিব বিচাৰছে।
  • ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ ছাবচিটী চিপ কেপিটেল দিয়া হ'ব।
  • ১ ছেপ্টেম্বৰৰ আগতে কালেকটিভ এফৰ্ট আৰম্ভ কৰিছিল তেওঁলোকক দিয়া হ'ব।
  • প্ৰতিবছৰে এই আঁচনি চলি থাকিব।
  • যিবোৰে সামুহিকভাৱে নিজে একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসকলে এই ধন লাভ কৰিব।
  • ৫ জনীয়া গ্ৰুপ হ'লে আঢ়ৈ লাখ দিয়া হ'ব।
  • অৰ্থাৎ প্ৰতিজন ব্যক্তিক ৫০ হাজাৰকৈ টকা দিয়া হ'ব।
  • ১৬ ছেপ্টেম্বৰত আমি এটা পৰ্টেল কৰিম।
  • সেই পৰ্টেলত গ্ৰুপবোৰে এপ্লিকেশ্যন কৰিব।
  • তাত গ্ৰুপটোৰ বেংক একাউণ্ট আৰু সদস্যসকলৰো বেংক একাউণ্ট দিব লাগিব।
  • যেতিয়া এই আৱেদন দিয়া হ'ব তেতিয়া জিলাসমূহলৈ প্ৰেৰণ কৰা হ'ব।
  • কোনো ৰাজনৈতিক ব্যক্তি এই জিলা পৰ্যায়ৰ কমিটীত নাথাকিব।
  • তিনি দিনৰ বাবে এই গ্ৰুপটোত দিয়া হ'ব।
  • তাৰপাছত দাখিল কৰিব এটা ব্যৱসায়ৰ প্লেনিং।
  • টকা দিয়া হ'ব প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত একাউণ্টত।
  • কিন্তু প্ৰথমে ৩০ হাজাৰ টকা দিব লাগিব।
  • এই ধন জমা দিব লাগিব যুৱক-যুৱতীসকলৰ গ্ৰুপটোত।
  • যদি তেনে নকৰে তেন্তে পাছৰ ২০ হাজাৰ টকা লাভ নকৰিব।
  • তেওঁলোকক সকলো বিভাগৰ বাবে বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন দিয়া হ'ব।
  • এই গ্ৰুপটোৰ সদস্যসকলে কমেও মেট্ৰিক পাছ কৰিব লাগিব।
  • আৰু বয়সৰ সময়সীমা ৪০ বছৰ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in